/asomiyapratidin/media/media_files/2025/06/06/SMfj9mCqbqU7plJTU6XL.jpg)
ডিজিটেল ডেস্কঃ সমাগত দুখনকৈ অসমৰ ৰাজ্য সভাৰ আসনৰ নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাক ক্ষণত সৰৱ হৈ পৰিছে অসম গৰিয়া পৰিষদ। সংগঠনটোৱে ৰাজ্যসভাৰ এখন আসনত গৰিয়া লোকৰ প্ৰাৰ্থিত্ব দাবী কৰিছে।
সংগঠনটোৱে এন ডি এ মিত্ৰজোঁট চৰকাৰখনত এজন খিলঞ্জীয়া গৰিয়া লোকক প্ৰাৰ্থীত্ব দিবলৈ দাবী জনাইছে। তেওঁলোকৰ দাবী বিজেপি অথবা অগপৰ পৰা যিকোনো এজন খিলঞ্জীয়া মুছলমানক প্ৰাৰ্থিত্ব প্ৰদান কৰক।
উল্লেখ্য যে, খালী হ'বলগীয়া দুয়োখন আসনৰ ভিতৰত এখনত বিজেপিয়ে আৰু আন এখনত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। সেয়ে ইয়াৰে যিকোনো এখনত বিজেপি অথবা এজিপিৰ পৰা খিলঞ্জীয়া মুছলমান প্ৰাৰ্থী এগৰাকী প্ৰক্ষেপ কৰাতো বিচাৰিছে সংগঠনটোৱে।
স্মৰ্তব্য, সংগঠনটোৱে এই দাবী উত্থাপন কৰি কয়, বিগত ৯ বছৰে এন ডি এ ক্ষমতাত থকাৰ সময়ত কোনো এজন খিলঞ্জীয়া লোক সাংসদ, বিধায়ক দূৰৰে কথা কোনো নিগম-নিকায়ৰো অধ্যক্ষ হ'ব নোৱাৰিলে। অথচ ভাষা আন্দোলনৰ পৰা ,অসম আন্দোলনলৈকে বহু আন্দোলনত গৰিয়া মু্ছলমানে অংশগ্ৰহণ ভাষা আৰু জাতিৰ হকে আত্ম বলিদানো দিছে।
সংগঠনটোৰ দাবী যদিহে খিলঞ্জীয়া মুছলমানৰ এগৰাকী প্ৰতিনিধিক প্ৰাৰ্থিত্ব নিদিয়ে তেনেহ'লে তেওঁলোকেও বিজেপি আৰু এজিপিক সাম্প্ৰদায়িক দল বুলি ভাবি লৈ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য হ'ব।