আন্ত:ৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অংশ ল’ব অসমৰ সহকাৰী আয়ুক্তা ৰীমাই…

আন্ত:ৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অংশ ল’ব অসমৰ সহকাৰী আয়ুক্তা ৰীমাই…

author-image
asomiyapratidin
New Update
আন্ত:ৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অংশ ল’ব অসমৰ  সহকাৰী আয়ুক্তা ৰীমাই…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অহা ১৭ আগষ্টৰ পৰা থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অসমৰ পৰা কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈয়ে অংশগ্ৰহণ কৰিব।বৰ্তমান কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত ৰীমাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা বুটলিবলৈ সক্ষম হৈছে ৷

Advertisment

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত প্ৰতিযোগিতাত দেশৰ ১১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব য'ত অসমৰ পৰা একমাত্ৰ ৰীমাই অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া সুনাম অৰ্জন কৰা ৰীমাই ব্যস্ততাপূৰ্ণ কৰ্তব্যৰ মাজতে খেলৰ অনুশীলন চলাই গৈছে ৷

ইপিনে অলপতে দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ দিল্লী পুলিচ কাৰাটে চেম্পিয়নশ্বীপত ৰীমাই ব্ৰঞ্জৰ পদক, মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছটোকান(National Shotokan Karate Championship) চেম্পিয়নশ্বীপত দুটা ৰূপৰ পদক ,গুৱাহাটীত হোৱা সদৌ অসম কেবিপিআৰ কাৰাটে-ডু চেম্পিয়নশ্বীপত সোণৰ পদককে ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভালেকেইটা পদক ৰীমাই বুটলিবলৈ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভৱিষ্যতে অলিম্পিকত অংশগ্ৰহণ কৰাৰ মন আছে বুলি মন্তব্য কৰি থাইলেণ্ডত হ'বলগীয়া চেম্পিয়নশ্বীপৰ বাবে কঠোৰ অনুশীলন কৰি থকা বুলি জানিবলৈ দিছে ৰীমা তৃষ্ণা হালৈয়ে ।

আৰু পঢ়ক: কমলপুৰ, বাক্সা আৰু তামুলপুৰত বান পৰিস্থিতিৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

assam kokrajhar