ৰাষ্ট্ৰীয় টেলিভিশ্যন উজ্বলিছে গোগামুখৰ কন্যা…

ৰাষ্ট্ৰীয় টেলিভিশ্যন উজ্বলিছে গোগামুখৰ কন্যা…

author-image
asomiyapratidin
New Update
ৰাষ্ট্ৰীয় টেলিভিশ্যন উজ্বলিছে গোগামুখৰ কন্যা…

ডিজিটেল সংবাদ, গোগামুখ: দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে গোগামুখৰ কন্যা আপ্পুন পেগু। ডাঞ্চ ইণ্ডিয়া ডাঞ্চ লিটিল মাষ্টাৰ টপ ১৫ ত উত্তীৰ্ণ হৈছে ধেমাজি জিলা গোগামুখৰ কন্যা আপ্পুন পেগু।

Advertisment

মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় টেলিভিশ্যনত অসমৰ নাম উজ্জ্বলাইছে অসমৰ আপ্পুন পেগুৱে। ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভিৰ ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ লিটিল মাষ্টাৰ ত টপ ১৫ উত্তীৰ্ণ হৈছে আপ্পুন পেগু। গোগামুখ তাজিক গাঁৱত জন্মগ্ৰহণ কৰা আপ্পুন পেগুৱে আইতাকৰ গৃহ মহৰিকেম্প কচুতলীত ডাঙৰ দীঘল হৈছিল।

ধেমাজি গোগামুখ তাজিক গাঁৱৰ কন্যা আপ্পুন পেগুৱে অসমবাসী ৰাইজৰ সহায় বিচাৰিছে সুদূৰ মুম্বাইৰ পৰা। সৰুৰে পৰা আইতাকৰ কোলাত ডাঙৰ হোৱা আপ্পুন পেগুৰ সফলতাক লৈ আইতাকে আৱেগত ভাগি পৰিছে। ইফালে আপ্পুনৰ ককাক ইতিমধ্যে মুম্বাইত আপ্পুনৰ কাষতে আছে। অতি কষ্ট কৰি মুম্বাইত অসমৰ নাম উজ্জ্বলাইছে আপ্পুন পেগুৱে।

ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে আপ্পুন পেগুৰ আইতাকে। দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে বিচাৰকৰ মন মুহিবলৈ সক্ষম হৈছে কণমানি আপ্পুন পেগুৱে। সৰুতেই মাক-দেউতাকৰ পৰা আঁতৰত থকা আপ্পুন পেগুক আইতাকে কেনেদৰে তুলি-তালি ডাঙৰ দীঘল কৰিলে আইতাকে দিলে সম্পূৰ্ণ বৰ্ণনা।

সৰুৰে পৰা নাচ-গানত মতলীয়া আছিল আপ্পুন পেগু,অতি কম বয়সতে হৃদ ৰোগত আক্ৰান্ত হৈছিল কণমানি আপ্পুন পেগু। আইতাকে চিকিৎসা কৰি কৰি ভাগৰি পৰিছিল, বহু চিকিৎসাৰ পিছত আৰোগ্য হৈছিল আপ্পুন পেগু। নাচ গানত পাকৈত আপ্পুন পেগুক এদিন আইতাকে গোগামুখৰ এখন বিহু কৰ্মশালাত নাম ভৰ্তি কৰাই দিছিল তাৰ পৰাই আৰম্ভ হৈছিল আপ্পুন পেগুৰ এই দীঘলীয়া যাত্ৰা।

মাক দেউতাকৰ মৰমৰ পৰা আঁতৰত থকা আপ্পুন পেগুৱে আইতাককে সকলো বুলি ভাৱি লৈছিল। আপ্পুন পেগুৰ গুৰু আয়ানে মুম্বাইলৈ নি সলনি কৰিলে জীৱন, হাজাৰ হাজাৰ প্ৰতিযোগীৰ মাজত ৰিয়েলিটী শ্ব'ত উত্তীৰ্ণ হৈ বৰ্তমান টপ ১৫ আছে আপ্পুন পেগু। অসম বাসী ৰাইজৰ মৰম বিচাৰিছে আপ্পুন পেগুৰ আইতাকে।

assam gogamukh