আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ডুবাইলৈ আমন্ত্ৰিত অসমৰ যুৱতী

আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ডুবাইলৈ আমন্ত্ৰিত অসমৰ যুৱতী

author-image
asomiyapratidin
New Update
আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ডুবাইলৈ আমন্ত্ৰিত অসমৰ যুৱতী

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হব লগা আন্তৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে।

Advertisment

মনকৰিবলগীয়া আৰ্থিকভাবে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহনৰ বাবে আমন্ত্ৰণ লাভ কৰিও যাতায়তৰ ব্যয় বহন কৰিবলৈ সক্ষম নোহোৱাত সম্প্ৰতি বিপাঙত পৰিছে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকী।

উল্লেখ্য যে পাঞ্জাৱ,হাৰিয়ানা, আদিকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত সুনাম অৰ্জন কৰাৰ লগতে ২০২১চনত মণিপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা মাঝি।কিন্ত সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰিবৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে।

উল্লেখ্য অহা ২৬মেৰপৰা ডুবাইতৰ আবুধাবিত অনুষ্ঠিত হবলগা আন্তৰাষ্ট্ৰীয় মোৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত অসমৰ আন তিনি প্ৰতিযোগীৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪মেত নিজ গৃহৰপৰা যাত্ৰা কৰাৰ কথা।এইক্ষেত্ৰত ক্ৰীড়াবিদগৰাকীক চৰকাৰ তথা বিভিন্ন ব্যক্তি দল সংগঠনৰ সহায় আহ্বান কৰা হৈছে।ইচ্ছুক ব্যক্তিয়ে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীৰ কিছু সহায় কৰিব বিচাৰিলে প্ৰিয়ংকাৰ টীয়কস্থিত এচ বি আই শাখাৰ 38382018658 নং একাউন্ট (আই এফ চি SBIN 0001718) ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰিব।

আৰু পঢ়ক: বড়িগাঁও শ্ৰীমন্ত শংকৰদেৱ পুথিভঁড়াল আৰু যুৱক সংঘৰ সৌজন্যত ৰঙালী বিহু….

dubai assam