/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/79b91749-bece-48d6-9226-dbdf4edbc298/rape_new.jpg)
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ
ডিজিটেল ডেস্কঃ দেওবাৰে গুৰুগ্ৰামত ধৰ্ষণৰ বলি হ'ল অসমৰ এগৰাকী যুৱতী ৷ অসমৰ পৰা দিল্লীত কাম কৰাৰ প্ৰলোভনৰে দিল্লী হৈ গুৰুগ্ৰামলৈ সৰবৰাহ কৰা হৈছিল যুৱতী গৰাকীক ৷
৩০০০ হাজাৰ টকাত এজন যুৱকৰ হাতত যুৱতীগৰাকীক গতাই দিছিল দালাল চক্ৰই ৷ এই দালাল চক্ৰটোৰ নেতৃত্বত আছে অসমৰ পূজা আৰু মামনি নামৰ দুগৰাকী মহিলা ৷
সোমবাৰে নিশা বলপূৰ্বকভাৱে যুৱতীগৰাকীক ৩০০০ টকাত এজন যুৱকৰ লগত হোটেললৈ পঠোৱাৰ পিছত যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
পৰৱৰ্তী সময়ত গোপনে হোটেলৰ পৰা ওলাই যুৱতী গৰাকীয়ে গুৰুগ্ৰাম আৰক্ষীৰ কাষছপাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ যুৱতীগৰাকীৰ ভাষ্য অনুসৰি বহু যুৱতীক এনেদৰেই দেহ ব্যৱসায়ত লিপ্ত কৰাইছে এই অসাধু চক্ৰটোৱে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।