/asomiyapratidin/media/media_files/2025/01/16/anyuBN81iwlBH9MmeWel.jpg)
ডিজিটেল সংবাদ ৰঙিয়াঃ চুবুৰীয়া বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত বৃদ্ধি হোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবী উত্থাপন কৰিলে অসম গৰিয়া পৰিষদে। আজি আমিনগাঁৱত সংগঠনটোৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাতেই বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা হয় আৰু তাৰ পাছতেই এই দাবী উত্থাপন কৰে সংগঠনটোৱে।
সংগঠনটোৱে চুবুৰীয়া দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ পৰিপ্ৰেক্ষিততহিন্দু লোকসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিবলৈ আৰু আগন্তুক সময়তো তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰো দাবী উত্থাপন কৰে।অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু সাধাৰণ সম্পাদক মইনুল হকৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই আজি বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে।
এই সন্দৰ্ভত পৰিষদৰ নেতৃত্বই কয় যে, শ্বেইখ হাছিনা চৰকাৰৰ পতন ঘটাৰ পিছত দেশখনত মৌলবাদী শক্তিসমূহ গা কৰি উঠিছে। দেশখনত শান্তিৰে বাস কৰি থকা বিভিন্ন সম্প্ৰদায়ৰ সংখ্যালঘু লোকসকলৰ ওপৰত মৌলবাদী শক্তিসমূহে চলাই থকা শাৰীৰিক-মানসিক উৎপীড়ন কোনো কাৰণতে সহ্য কৰা নহ’ব।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল বঁটা বিজয়ী মহন্মদ ইউনুছ অধিস্থিত হৈ থকাৰ পাছতো মৌলবাদী শক্তিৰ উত্থানৰ বিষয়টো যথেষ্ট চিন্তনীয় বিষয়। মৌলবাদী শক্তিসমূহক কঠোৰ হাতেৰে দমন কৰি দেশখনত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ লগতে শান্তিৰে বসবাস কৰি থকা হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকসকলক সম্পূৰ্ণ নিৰাপত্তা আৰু সম অধিকাৰ প্ৰদানৰো দাবী তোলে সংগঠনটোৱে৷