বানৰ কালৰূপঃ বাঢ়নী পানীত পৰি মৃত্যু নলবাৰীৰ যুৱকৰ

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত।

author-image
Asomiya Pratidin
New Update
বানৰ কালৰূপঃ বাঢ়নী পানীত পৰি মৃত্যু নলবাৰীৰ যুৱকৰ

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ  ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত। বৰ্তমান পৰ্যন্ত (বৃহস্পতিবাৰ) ২২ খন জিলাৰ প্ৰায় ৪.৯৬ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা।

Advertisment

ইয়াৰ মাজতে নলবাৰীত সংঘটিত হয় এক অঘটন।  নলবাৰীৰ চান্দকুছিত বাঢ়নী পানীত পৰি মৃত্যু এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম নিখিলেশ মল্ল বুজৰবৰুৱা বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰ সন্ধিয়াৰে পৰা সন্ধানহীন আছিল যুৱকজন।

উল্লেখ্য যে,  ৰাজ্যৰ ১১ খন জিলাত ৮৩ টা আশ্ৰয় শিবিৰ ৭৯ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আশ্ৰয় শিবিৰ সমূহত ১৪,০৩৫ গৰাকী লোকে আশ্ৰয় লৈ আছে। ইয়াৰোপৰি আন বহুতে মথাউৰি বা আন উচ্চ স্থান সমূহত আশ্ৰয় লৈ আছে।

জলমগ্ন অঞ্চল সমূহত এছ ডি আৰ এফ, এন ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। যোৱা ২৪ ঘন্টাত ৫০০ ৰো অধিকলোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ আনিছে এই উদ্ধাৰকাৰী দলসমূহে।

Also Read: সঁচাকৈয়ে এটা ভাল আৰু ডাঙৰ খবৰ

assam flood