/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/31925676-daeb-4ec4-95d2-f17d1a71192a/iuiui.jpg)
ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যত বানৰ সংহাৰ। গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ মাজতেই একেৰাহে হোৱা বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া বানে সৃষ্টি কৰিছে সন্ত্ৰাসৰ। কেইবাঠাইত মথাউৰি ভাঙিও সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ।
ৰাজ্যৰ প্ৰায় ২১,০০০ লোক প্ৰভাৱিত হৈছে বানৰ পৰা। বিশেষকৈ ধেমাজি আৰু লখিমপুৰ জিলাত চলিত বৰ্ষৰ বানে সংহাৰ সৃষ্টি কৰিছে। এই দুয়োখন জিলাৰ ১৯ খনকৈ গাঁও জলমগ্ন হোৱাৰ লগতে ১৩.৫ হেক্টৰ ভূমি জলমগ্ন হৈছে।
লখিমপুৰ, ধেমাজিৰ উপৰিও দৰং, বিশ্বনাথ আদি জিলাত বানৰ প্ৰকোপ দেখা গৈছে। উল্লেখ্য যে, ধাৰাসাৰ বৰষুণৰ পাছতেই এই ৰাজ্য সমূহত বান প্ৰলয় আৰম্ভ হৈছে।
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৫ দিনত উত্তৰ-পূৱত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে। যদি আগন্তুক ৫ দিন নেৰানেপেৰা বৰষুণ দি থাকে তেন্তে একাংশ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ আশংকা আছে।
Also Read: ওন্দোলাঝাৰৰ এজাক মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন