বঢ়মপুৰত 'অসম উৎসৱ' ৰ বিশাল আয়োজন...

বঢ়মপুৰত 'অসম উৎসৱ' ৰ বিশাল আয়োজন...

ডিজিটেল সংবাদ , বঢ়মপুৰঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী ৷ ঢোল-পেঁপা-গগণাৰ মৌ মিঠা মাতত অসমীয়া জাতি বিহুবলীয়া হোৱাৰ সময় সমাগত ৷ বঢ়মপুৰত বিহুৰ আগতীয়া প্ৰস্তুতিৰ অনন্য এক পৰিৱেশে বিৰাজ কৰিছে । সমন্বয়ৰ বাৰ্তা বাহক ঐতিহ্যমণ্ডিত বঢ়মপুৰত “অসম উৎসৱ”ৰ উদ্যোক্তা সকলে ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

নাচনি , ঢুলীয়া ,উদ্যোক্তা সকলো ব্যস্ত বিহুৰ আখৰাত ৷ জাতি - ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকেই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰৰ বাকৰিত অসম উৎসৱ ৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰঙালীক আদৰিব ৷ যোৱা ২৪ মাৰ্চৰ পৰাই আৰম্ভ হৈছিল বিহুৰ আখৰা ,বিহুৰ কৰ্মশালা ৷ এইবাৰ পাঁচ শতাধিক বিভিন্ন বয়সৰ নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াৰ অংশগ্ৰহণ বিহুৰ আখৰাত ৷

বৃহত্তৰ বঢ়মপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত অহা ১৫, ১৬ , ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম উৎসৱ" ৰ আয়োজন ৷ উল্লেখ্য যে , যোৱা ২০২২ বৰ্ষত "সাদিন -প্ৰতিদিন গোষ্ঠী"ৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বঢ়মপুৰৰ " অসম উৎসৱে"। উদ্যোক্তামণ্ডলীয়ে " অসম উৎসৱ"ৰ সমূহ কাৰ্য্যসূচীত বিহুবলীয়া ৰাইজৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শৰ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in