অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিশেষ কৰ্মশালা..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিশেষ কৰ্মশালা..

author-image
asomiyapratidin
New Update
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিশেষ কৰ্মশালা..

ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষাৰ সংৰক্ষিত কৰনৰ ওপৰত শুকুৰবাৰে এখন কৰ্মশালাৰ অয়োজন কৰিছে। এই কৰ্মশালাখন হাইব্ৰিড মোডত অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ লক্ষ্য হৈছে অসমৰ অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষাৰ পৰিপ্ৰেক্ষিতত এন ই পি ৰূপায়ণৰ বাবে এক ৰোডমেপ সৃষ্টি কৰা।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই কৰ্মশালাখন উদ্বোধন কৰি উদ্বোধনী ভাষণ আগবঢ়াব। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতুল বৰাই কৰ্মশালাৰ বিষয়বস্তুৰ ওপৰত মূল বক্তব্য আগবঢ়াব।

এই কৰ্মশালাখন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্ভাৱক আৰু পৰামৰ্শদাতা পদ্মশ্ৰী ড০ উদ্ধব ভৰালী, এডুএনাৰ্জি ছিংগাপুৰৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা অংশীদাৰ ড০ দীপক এল ৱাইকাৰ, মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ড০ হেমন্ত ডোলোই আৰু দিল্লীৰ এ আই চি টি ই, অনুষদ উন্নয়ন সঞ্চালক বি ভেংকটকে ধৰি বিশিষ্ট বিশেষজ্ঞ আৰু শিক্ষাবিদসকলে পৰিচালনা কৰিব।