Advertisment

ৰাজ্যৰ ৫বিধানসভা উপনিৰ্বাচনৰ ৫টাতে NDA প্ৰাৰ্থীৰ অগ্ৰগতি...

ডিজিটেল ডেস্কঃ চামগুৰিত দেখা পোৱা গৈছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ভোটৰ ব্যৱধান হ্ৰাস পালেও এতিয়াও সমষ্টিটোত পিছ পৰি আছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল...

author-image
Asomiya Pratidin
New Update
assam by election

ডিজিটেল ডেস্কঃ চামগুৰিত দেখা পোৱা গৈছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ভোটৰ ব্যৱধান হ্ৰাস পালেও এতিয়াও সমষ্টিটোত পিছ পৰি আছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন। বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাতকৈ ৫৩৮টা ভোটত পিছ পৰি আছে তাঞ্জিল। 

Advertisment

বঙাইগাঁও বিধানসভা সমষ্টিত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰিছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে। কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিনহাতকৈ ৭,১৪৩টা ভোট অগ্ৰগতি লাভ কৰিছে অগপ প্ৰাৰ্থীগৰাকীয়ে। 

বিহালী সমষ্টিত অগ্ৰগতি অব্যাহত ৰাখিছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ ১২২৩টা ভোটত অগ্ৰগতি লাভ কৰি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আগবাঢ়ি আছে ২,১৫৪টা ভোটত । চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ২,৯৯৯টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। 

চামগুৰি