/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/Assam-Higher-Secondary-Education-Council.jpg)
ডিজিটেল ডেস্ক: "বাতিল নহয় বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰম" এই কথা জনাই শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইয়ে। বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতেই সোমবাৰে আছু আৰু শিক্ষা সংসদৰ মাজত হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বিহু সন্দৰ্ভত পৰিকল্পিতভাৱে শিক্ষা প্ৰদানৰ আশ্বাস শিক্ষা সংসদৰ। বৈঠকৰ পিছতেই এক সংবাদ মেল সম্বোধন কৰি আছুৰ সভাপতি শংকৰজ্যোতি বৰুৱাই কয় যে বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।
বৰুৱাই কয় যে, "স্বদেশ অধ্যয়ন বিষয়টো ভুগোল আৰু বুৰঞ্জী হিচাপে অন্তৰ্ভুক্ত কৰা হব, কোনো কাৰণত বাতিল কৰা নহয়। ইয়াৰ লগে লগে বিহুৰ ব্যৱহাৰিক দিশটোৰ ওপৰত হৈ থকা অসুবিধা সমূহ দুৰ কৰাৰ বাবে এলানি আলোচনা হব। বিশিষ্ট ব্যক্তিৰ পৰা উপদেশ লৈ কেনেদৰে ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশত পৰিকল্পিতভাৱে আগবঢ়াই নিব পাৰে তাৰ চিন্তা-চৰ্চা কৰিব"।
তদুপৰি চৰকাৰৰ লগত আলোচনা কৰাৰ পিছত এই বিষয়টো শিক্ষা সংসদে ৰাজহুৱা কৰিব বুলি জনাই বৰুৱাই।