/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/manmohan_647_112616084221_120916015911.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতে নিৰ্বাচন আয়োগে এইবাৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে অধিসূচনা জাৰি কৰাৰ ঘোষণা কৰিছে। মঙলবাৰে জাৰি কৰা এক বিবৃতিত নিৰ্বাচন আয়োগে এই কথা সদৰি কৰে।
উল্লেখ্য যে ৰাজ্যসভাৰ এই আসন দুখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছ নেতা চন্টিউজ কুজুৰৰ দখলত আছে।
আয়োগে সদৰি কৰা মতে অহা ২১ মে', ২০১৯ত ৰাজ্যসভাৰ এই দুই আসনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৮ মে', মঙলবাৰ। ২৯ মে' অৰ্থাৎ বুধবাৰে মনোনয়ন পত্ৰৰ পুনৰীক্ষণ সম্পন্ন হোৱাৰ লগতে ৩১ মে', শুকুৰবাৰ মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম তাৰিখ বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।
আনহাতে নিৰ্বাচন আয়োগে সদৰি কৰা মতে, ৭ জুন, ২০১৯ অৰ্থাৎ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ'ব এই দুই আসনৰ ভোটগ্ৰহণ। একেদিনাই সন্ধিয়া ৫ বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও সদৰি কৰিছে আয়োগে। আয়োগে জানিবলৈ দিয়া মতে, ১০ জুন, ২০১৯ৰ ভিতৰত এই নিৰ্বাচন সম্পন্ন কৰা হ'ব।
উল্লেখ্য যে, অসমৰ এই দুখন ৰাজ্যসভা আসনৰ সাংসদ দুগৰাকীৰ কাৰ্যকাল অহা ১৪ জুনত অন্ত পৰিব। যাৰ বাবে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ পিছতে দুয়োখন আসনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।
এই লৈ ইতিমধ্যে শাসক দল বিজেপি আৰু বিৰোধী শিৱিৰৰ মাজতো তৎপৰতা আৰম্ভ হৈছে। অগপ দলৰ বিজেপিৰে হোৱা মিত্ৰতাৰ পূৰ্ব চৰ্ত অনুসৰি এখন আসন বিজেপি দলক এৰি দিয়াৰ কথা আছিল। অৱশ্যে কেবক লৈ হোৱা অস্বস্তিকৰ পৰিস্থিতিৰ বাবে এই চৰ্ত মানা হ'ব নে নাই এই লৈ দুয়ো দলৰ ভিতৰতে সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে। ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সেয়া নিশ্চিত নহয় বুলি প্ৰকাশ কৰিছিল। আনহাতে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাচোৱানক অসমৰ পৰাই ৰাজ্যসভাৰ সাংসদ হিচাপে জয়লাভ কৰাই নিয়াৰ প্ৰস্তুতি চলোৱা বুলিও চৰ্চা চলিছে।
এনে প্ৰেক্ষাপটতে যদিহে অগপক আসনখন এৰি দিয়া নহয়, তেনেহ'লে অতি স্বাভাৱিকভাৱেই বিৰোধী দলে এক উমৈহতীয়া প্ৰাৰ্থীক থিয় কৰোৱাৰ সম্ভাৱনাও নথকা নহয়। কিয়নো অগপৰ সমৰ্থন অবিহনে শাসক দলে দ্বিতীয়খন আসনত নিজা প্ৰাৰ্থী জয়ী কৰাবলৈ সংখ্যাগত দিশৰ পৰা সক্ষম নহয়। অগপৰ সাংগঠনিক সভাতো এই বিষয়ক আলোচনা অব্যাহত আছে। এআইইউডিএফে ইতিমধ্যেই বিৰোধীৰ এক উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ আগবঢ়াইছে।
কংগ্ৰেছ দলতো এনেধৰণৰ চিন্তা চৰ্চা চলা বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে। কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াইও দ্বিতীয়খন আসনৰ বাবে দলীয় সদস্যৰ পৰিবৰ্তে সমাজ ক্ষেত্ৰৰ এজন বিশিষ্ট ব্যক্তিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব অগপ দলেহে।