ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি…

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি…

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি। কৃষি বিভাগৰ অতিৰক্ত মুখ্য সচিব ড০ আশীষ কুমাৰ ভোটানীক ৰাজ্যিক পৰ্যায়ৰ অতিৰিক্ত দায়িত্ব অৰ্পন। এ আৰ আই এ এছ (এৰিয়াচ)ৰ অতিৰিক্ত অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পন ভোটানীক।

Advertisment

আয়ুক্ত সচিব আকাশদ্বীপক স্বচ্ছ ভাৰত মিছন গ্ৰামীনৰ সঞ্চালক আৰু মীৰ নিৰ্মল পৰিযোজনা, জল জীৱন মিছনৰ পৰা বদলি কৰা হৈছে। তেওঁক দায়িত্ব দিয়া হৈছে পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব হিচাপে।

বনবিভাগৰ দায়িত্বত থকা আয়ুক্ত সচিব ড০ অম প্ৰকাশক সৰ্বশিক্ষা মিছন ডাইৰেক্টৰ হিচাপে দায়িত্ব দিয়া হৈছে। সৰ্বশিক্ষা মিছনৰ মিছন ডাইৰেক্টৰ ৰশ্মি অপৰাঞ্জি কৰাকীক বদলি কৰা হৈছে কৃষি বিভাগৰ সচিব আৰু এ আৰ আই এছৰ প্ৰকল্প সঞ্চালক হিচাপে।

মুখ্যমন্ত্ৰীৰ সচিব হিচাপে কৰ্মৰত খনিন্দ্ৰ চৌধুৰীক বদলি কৰা হৈছে গোৱালপাৰৰ উপায়ুক্ত হিচাপে। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুচালক গৃহ আৰু ৰাজনীতি হিচাপৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে।

গোৱালপাৰৰ উপায়ুক্ত মিনাক্ষী দাস নাথক সাংস্কৃতিক বিভাগৰ সঞ্চালক হিচাপে বদলি কৰিছে। সাংস্কৃতিক বিভাগৰ সঞ্চালক দেৱজিত খনিকৰক পৰ্যটন বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে।

কাছাৰৰ উপায়ুক্ত কৃতি জলীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। কামৰূপত উপায়ুক্ত কল্যাশ কাৰ্তিক এনক জন স্বাস্থ্য বিভাগৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে।

হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক কাছাৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

ৰাজহ বিভাগৰ যুটীয়া সচিব পি বিজয়া ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। বাক্সাৰ উপায়ুক্ত আয়ুশ গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

চিৰাঙৰ উপায়ুক্ত মাছান্দা মাকদালিন পেৰটিনক বাক্সাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। লক্ষ্মী কুটুমক চাউথ শালমৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে।

আৰু পঢ়ক: নগাঁৱৰ উপায়ুক্তক বদলি,নতুন উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহ…

nagaon Assam police assam cachar