আশাৰ খবৰঃ ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ

আশাৰ খবৰঃ ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ

author-image
asomiyapratidin
New Update
আশাৰ খবৰঃ ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ

ডিজিটেল ডেস্কঃ আশাৰ খবৰ। ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস।সুদীৰ্ঘ সময়ৰ পাছত প্ৰথমবাৰৰ বাবে বিগত ২৪ ঘণ্টাত কোভিড আক্ৰান্তৰ সংখ্যা ১ হাজাৰ তলত থাকিল। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে মুঠ ৯৮৯ গৰাকী ব্যক্তি। এই সময়ছোৱাত কোভিড পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ। আনহাতে এই সময়ত মৃত্যুৰ সংখ্যা ১৯ জন।

Advertisment

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত সৰ্বাধিক ১৬০ জন, কামৰূপ গ্ৰাম্যত ৬৬ জন, গোলাঘাটত ৫৫ জন, নলবাৰীত ৫০ জন লোক কোভিডত আক্ৰান্ত হৈছে।

আনহাতে এই সময়ত সৰ্বাধিক মৃত্যু হৈছে গোলাঘাট জিলাত। জিলাখনত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪ জন লোকৰ। আনহাতে যোৰহাট, কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, তিনিচুকীয়াত ২ জনকৈ ব্যক্তি কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে কাছাৰ, চৰাইদেউ, দৰং, ধুবুৰী, ডিব্ৰুগড়, মৰিগাওঁ, নলবাৰীত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।