সাৱধান ! সাজু ১ হাজাৰ আই চি ইউৰ লগত ৯ হাজাৰ বেড : স্বাস্থ্যমন্ত্ৰীৰ ভাষ্যত কোভিড পৰিস্থিতি অধিক অৱনতিৰ ইংগিত….

সাৱধান ! সাজু ১ হাজাৰ আই চি ইউৰ লগত ৯ হাজাৰ বেড : স্বাস্থ্যমন্ত্ৰীৰ ভাষ্যত কোভিড পৰিস্থিতি অধিক অৱনতিৰ ইংগিত….

author-image
asomiyapratidin
New Update
সাৱধান ! সাজু ১ হাজাৰ আই চি ইউৰ লগত ৯ হাজাৰ বেড : স্বাস্থ্যমন্ত্ৰীৰ ভাষ্যত কোভিড পৰিস্থিতি অধিক অৱনতিৰ ইংগিত….

ডিজিটেল ডেস্কঃ সোমাবৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ল ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীক কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। গুৱাহাটী মহানগৰৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে এই কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী।

Advertisment

অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়াৰ সিদ্ধান্ত বৈজ্ঞানিক সকলৰ। তেওঁ লগতে কয় সোমবাৰৰ দিনটোত ৰাজ্যখনৰ ৫০০ শিক্ষানুষ্ঠানত ১ লাখৰো অধিক শিক্ষাৰ্থীক কোভিড ভেকচিন প্ৰদান কৰা হ'ব। সেই উদ্যেশ্যৰে ৰাজ্যৰ মন্ত্ৰী, বিধায়কসকলে এই অনুষ্ঠান শুভাৰম্ভ কৰিবলৈ বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈছে আৰু তেওঁলোকে শুভাৰম্ভ কৰিছে।

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানত কোভিড ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী শুভ উদ্বোধন কৰিছে। এই বিষয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে। আনহাতে তেওঁ কৈছে যে, যিহেতু মাৰ্চ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব সেয়ে জানুৱাৰীৰ ৩ তাৰিখৰ পৰা ৯ তাৰিখলৈ ৭ দিনত সকলো শিক্ষানুষ্ঠানত ভেকচিনেছন কাৰ্যসূচী সমাপ্ত কৰা হ'ব।

তেওঁ কয় যে প্ৰথমপালী ভেকচিন ছাত্ৰ-ছাত্ৰীক সময়মতে দিয়াৰ পিছতেই দ্বিতীয়পালি ভেকচিনো সময়মতেই প্ৰদান কৰা হ'ব। প্ৰাথমিক অৱস্থাত ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ ২০ লাখ কিশোৰ-কিশোৰীক ভেকচিন দিয়াৰ লক্ষ্য লৈছে চৰকাৰে। শিক্ষাৰ্থীসকলক কোভিডৰ কোভাকচিন ভেকচিন দিয়া হ'ব।

অনুষ্ঠানত কেশৱ মহন্তই কয় যে, কভিডক পৰাস্ত কৰা অস্ত্ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হ'ল। ৭ দিনৰ ভিতৰত সকলো শিক্ষানুষ্ঠানতে ভেকচিন প্ৰদান কৰাৰ কাৰ্যসূচী সমাপ্ত কৰিবলৈ সকলো জিলাৰ উপায়ুক্তক দায়িত্ব প্ৰদান কৰা হৈছে। মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ পূৰ্বে সকলো শিক্ষাৰ্থীকে ভেকচিনৰ দুয়োপালি দিয়াৰ কাৰ্যসূচী সমাপ্ত কৰা হ'ব।

তেওঁ কয়, ব্যক্তিগত, চৰকাৰী সকলো শিক্ষানুষ্ঠানতে দিয়া হ'ব এই ভেকচিন।বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰ সকলোতে অস্বাভাৱিক ধৰণত বৃদ্ধি লৈছে কোভিড আক্ৰান্ত সংখ্যা। কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনক লৈ অসম চৰকাৰ তথা স্বাস্থ্য় বিভাগ এলাৰ্ট হৈ আছে। ইয়াৰ বাবে ভয় খোৱাৰ প্ৰয়োজন নাই। সকলো সাৱধান হওক। স্কুল-কলেজ আদি শিক্ষানুষ্ঠান বন্ধ কৰা নহয়।

দেশত বৃদ্ধি পোৱা অমিক্ৰন বৰ্তমানেও অসমত প্ৰৱেশ কৰা নাই যদিও অমিক্ৰনৰ সৈতে যুঁজ দিবলৈ স্বাস্থ্যবিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। ইয়াৰ বাবে বিভাগে ১ হাজাৰ আই চি ইউ বেড সাজু কৰি ৰাখিছে। ৯ হাজাৰ বেড অমিক্ৰন আক্ৰান্তৰ বাবে সাজু আছে। ৰাজ্য চৰকাৰৰে বৰ্তমান একে দিনাই ২৫ হাজাৰ বিচনা সাজু কৰিবলৈও প্ৰস্তুত বুলি উল্লখে কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।