বাসুগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে
বাসুগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, চিৰাং : চিৰাংৰ বাসুগাঁও চহৰত ভাৰতীয় ষ্টেট বেংক, শাখা কাৰ্যালয়ৰ সন্মুখত জিলা কংগ্ৰেছৰ সদস্যসকলে বৃহস্পতিবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় ,দুখীয়াৰ কষ্টোপাৰ্জিত ধনক লৈ হেতালি খেলা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।

ভাৰতীয় ষ্টেট বেংক, এল আই চি দৰে বিত্তীয় প্ৰতিষ্ঠানত দেশৰ কোটি কোটি মানুহৰ কষ্টোপাৰ্জিত জমা ৰখা ধনৰ অপব্যৱহাৰ কৰি পূজিপতি গৌতম আদানীৰ লগতে বিজেপিৰ কেডাৰসকলে লুণ্ঠন কৰি এক বৃহৎ আৰ্থিক জালিয়াতি সংঘটিত কৰিছে । দেশবাসীৰ নিজৰ কষ্টোপাৰ্জিত সঞ্চয় কৰা ধনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিৰ্দেশত চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত বাসুগাঁৱৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে ।

বাসুগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
দৌলযাত্রা মহোৎসৱৰ চতুৰ্থ দিনাও বটদ্রৱা থানত তীৰ্থ যাত্রীৰ লানি-নিছিগা সোঁত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in