/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b8772753-32cd-4302-98e9-84b6d170b148/hcm.jpg)
ডিজিটেল ডেস্ক : অসমীয়া লোক সংস্কৃতিৰ মহীৰূহ স্বৰূপ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱৰ পৰলোক গমনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক মৰ্যাদাৰে বুঢ়াসত্ৰীয়া গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কথা ঘোষণা কৰিছিল । তাৰ পাছতেই সোমবাৰে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হোৱা দেখা গ'ল মুখ্যমন্ত্ৰী গৰাকীক । অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হৈ বুঢ়াসত্ৰীয়া গৰাকীৰ নশ্বৰ দেহক অন্তিম সন্মান প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9323e2ad-489d-470d-9f5e-88ae04022a43/hcm1.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e4a00056-aa28-4679-84c7-986730c72ff6/hcm2.jpg)
মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ সৈতে শোকৰ সমভাগী হোৱাৰ কথা উল্লেখ কৰি মন্তব্য প্ৰদান কৰে যে, বুঢ়াসত্ৰীয়া গৰাকীৰ মহাপ্ৰস্থান অসমীয়া সমাজৰ বাবে এক বৃহৎ ক্ষতি । শংকৰদেৱ বটাঁ বিজয়ী তথা অসমীয়া সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক আছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱ । ইয়াৰ ওপৰিও বশিষ্ঠ দেৱশৰ্মাদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ নৱ প্ৰজন্মক অসমৰ কলা-কৃষ্টি বিশেষকৈ সত্ৰীয়া সংস্কৃতিক আৰু আগুৱাই লৈ যাবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/12d39237-1ba2-4d06-b58a-7e8bf8330c30/hcm3.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4fd2ebc6-b2b4-4cb2-a72e-1f754a8cf766/hcm4.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ আব্দুল খালেককে ধৰি আন বহু কেইগৰাকী মন্ত্ৰী বিষয়াকো বুঢ়াসত্ৰীয়া গৰাকীক অন্তিম সন্মান প্ৰদৰ্শনৰ বাবে উপস্থিত থকা দেখা যায় ।