ৰাজ্যত ৫ হাজাৰ কোটি ব্যয়েৰে নতুনকৈ স্থাপন কৰা হ’ব ১ হাজাৰখন বিদ্যালয়...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ৫ হাজাৰ কোটি ব্যয়েৰে নতুনকৈ স্থাপন কৰা হ’ব ১ হাজাৰখন বিদ্যালয়...

ডিজিটেল ডেস্ক : ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ১ হাজাৰখন বিদ্যালয়। এহেজাৰখন বিদ্যালয়ৰ পুৰণি গৃহ ভাঙি নতুনকৈ সজোৱা হ’ব। এই বিদ্যালয়ৰ নতুন আন্তঃগাঁথনিৰ বাবে ৫ হাজাৰ কোটি ব্যয় কৰিব চৰকাৰে। দেওবাৰে গুৱাহাটী মহানগৰীস্থিত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায়।

Advertisment

২০২৬ৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। বিদ্যালয় চৌহদত সকলো শ্রেণীকোঠা এটা শাৰীত নিৰ্মাণ কৰা হ’ব। অতিৰিক্তভাৱে ৰৈ যোৱা ঠাইত নিৰ্মাণ কৰা হ’ব খেলপথাৰ। আনহাতে, শতবৰ্ষ গৰকা বিদ্যালয়ে ঐতিহ্য সংৰক্ষণ কৰিব বিচাৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।

প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰি ইয়াৰ পিছৰ পৰ্যায়ত আন ৩ হাজাৰ বিদ্যালয় উন্নীত কৰা হ’ব। ৰাজ্যৰ মুঠ ৪ হাজাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য হাতত লৈছে ৰাজ্যচৰকাৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্রীয়ে নিজৰ সমষ্টিৰো দুখন বিদ্যালয় উন্নীত কৰিব প্রথম পৰ্যায়ত।

নিজে পঢ়া বিদ্যালয়খনৰ বিষয়ে ক’বলৈ গৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। প্রথম পৰ্যায়ত হ’বলগীয়া বিদ্যালয়সমূহ আদৰ্শ বিদ্যালয় হিচাপে চিহ্নিত কৰা হ’ব।গোপাল বড়ো হাইস্কুলত ৩ বিধা ভূমিত নিৰ্মাণ হ’ব নতুন বিল্ডিং।

assam education department of assam himanta biswa sama