আজি ফাকুৱা, অসূয়া-অপ্ৰীতিৰ মাজত সম্প্ৰীতিৰ প্ৰতীক হৈ ৰওক ৰঙৰ উৎসৱটি

আজি ফাকুৱা, অসূয়া-অপ্ৰীতিৰ মাজত সম্প্ৰীতিৰ প্ৰতীক হৈ ৰওক ৰঙৰ উৎসৱটি

ডিজিটেল ডেস্ক : আজি ৰঙৰ উৎসৱ ফাকুৱা । ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে পৰাই ফাকুৱা উদযাপন কৰি আহিছে । এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাচীনতম উৎসৱ হোলী অথবা ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা দেখা যায় ।

উল্লেখ্য যে, যদিও হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ বুলি কোৱা হৈছে তথাপিও ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হোলী উদযাপন হৈ আহিছে ভাৰতবৰ্ষত । অসমৰ বৰপেটাত এই ফাকুৱা অথবা দৌলোৎসৱ তিনিৰ পৰা পাঁচ দিনলৈকে উদযাপন কৰা হয় । ইয়াৰ প্ৰথম দিনটোক গোন্ধযাত্ৰা, দ্বিতীয় দিনটোক ভৰ দেউল আৰু ‍অন্তিমটো দিনক সুৱেৰী বোলা হয় ।

স্মৰ্তব্য যে, অসমৰ প্ৰত্যকটো উৎসৱৰে অন্তৰালত এক ধৰ্মীয় পৰম্পৰা জড়িত হৈ আছে । অসমতো দৌল উৎসৱৰ পাতনি মেলিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ।

অতি গুৰুত্বপূৰ্ণ কথা এই যে, বিগত সময়ছোৱাত অসম বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । অসূয়া-অপ্ৰীতি, হিংসা-হত্যাত জৰ্জৰিত ৰাজ্য । এই সকলোবোৰৰ মাজত এক শুভ বাৰ্তা হৈ আহক ফাকুৱা উৎসৱ । মানুহৰ মন-প্ৰাণবোৰ ৰঙীন হৈ পৰক ফাকুৱাৰ নানা ৰঙৰ দৰেই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in