/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/CABINET-7.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে জনতা ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ সপ্তাহিক বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহ সংবাদ মেলৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে।
মন্ত্ৰী হাজৰিকাই সংবাদ মেলত উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা অসমত ৰেভিনিউ টাউন নাথাকিব। উল্লেখ্য যে পূৰ্বে ৰাজ্যত মিউনিচিপাল ব'ৰ্ড নথকা অঞ্চলসমূহক ৰেভিনিউ টাউন হিচাপে জনা গৈছিল। এই অঞ্চলৰ লোকসকলে টাউনৰ হিচাপত মাটিৰ প্ৰিমিয়াম দিবলগীয়া হৈছিল। সোমবাৰৰ কেবিনেটত এই ৰেভিনিউ টাউনৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি টাউন আৰু পেৰিফেৰীয়েল এৰিয়া জিলাৰ সদৰতহে থাকিব। ইয়াৰ ফলত মাটিৰ প্ৰিমিয়াম দিব নালাগে। ইয়াৰ উপৰিও গাওঁপঞ্চায়ৰ অধীনত ট্ৰেড নাইচেঞ্চৰ প্ৰয়োজন নহ'ব। পঞ্চায়তৰ এলেকাত কেৱল মোবাইল টাৱাৰ, দেশী-বিদেশী সুৰা, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা আৰু নাৰ্ছিং হোম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত হে ট্ৰেড লাইচেঞ্চলৰ প্ৰয়োজন হ'ব।
শ্ৰমিকসকলৰ বাবেও এই কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনতৰেজিষ্টাৰ থাকিব লাগিব। ৪০ বছৰৰ উৰ্ধ্বৰ শ্ৰমিকে বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।তাৰোপৰি শ্ৰমিকসকলক দিব লাগিব নিোগ পত্ৰ। এই সকলো দিশ ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই। আনহাতে যিসমূহ উদ্যোগত ১০০ ৰো অধিক শ্ৰমিক থাকিব সেই উদ্যোগত শ্ৰমিক আৰু মালিক পক্ষৰ এক কমিটী থাকিব লাগিব।
আগন্তুক গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচন লবেলটৰ পৰিবৰ্তে ই ভি এম অনুষ্ঠিত হ'ব। আনহাতে বাজেট বৰ্হিভূত ব্যয়ৰ বাবে ২০০ কোটিৰ পৰা ২ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হৈছে।