New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jatabn.jpg)
সোমবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
- অসম মটৰ ভেহিকল ২০০৩ৰ সংশোধন কৰা হৈছে।
- সংশোধনীৰ অধীনত জব্দ কৰা গাড়ী ৯০দিনৰ পিছত নিলাম কৰিব পাৰিব।
- সংশোধন কৰা হৈছে ৰাজহ-দুৰ্যোগ প্রশমন বিভাগৰ আইনো।
- পাটোৱাৰী, মণ্ডল, আমিনসকলেও ৩% ইনক্রিমেণ্ট পাব।
- আসাম লজিষ্টিক ২০২২ গ্রহণ কৰিছে অসম চৰকাৰে।
- পলিচিৰ অধীনত যিকোনো কাম সুচাৰুৰূপে কৰিব পাৰিব।
- পেঞ্চনাৰ সকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে।
- পঞ্চায়ত, এছিষ্টেণ্ট বিডিঅ'সকলে ১৩বছৰত প্রমোচন পাব।
- উপায়ুক্ত সকলকো কিছু অধিকাৰ দিয়া হৈছে।
- গ্রামাঞ্চলত সুৰাৰ বিপণীৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব।
- ৪৫ দিনৰ ভিতৰত কৰিব পাৰিব এই কাম।
- গ্রামাঞ্চলত বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব।
- ২০ আগষ্টত বানত ঘৰ নষ্ট হোৱাসকলক ক্ষতিপূৰণ দিয়া হ'ব।
- ১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱা সকলক দিয়া হ'ব।
- বানত সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫,৫৩২টা।
- পাহাৰ এলেকাত ১ লাখ ১৯০০ হাজাৰ টকা পাব।
- ৯৫হাজাৰ টকা পাব সমতল অঞ্চলত বাস কৰা সকলে।
- সকলোৰে একাউণ্টত সোমাব এই ধন।
- মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা ২০জনৰ পৰিয়ালয়লৈ ২ লাখ টকা দিয়া হ'ব।
- আহত ৫জনক ২৫হাজাৰকৈ দিয়া হ'ব।