/asomiyapratidin/media/media_files/2025/03/20/vKGtvF0E90Be7AGVunZF.png)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে আনন্দৰ খবৰ কঢ়িয়াই আনিলে আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকে। এতিয়াৰে পৰা গুৱাহাটীত নিশা ২ বজা পৰ্যন্ত সুৰাৰ বিপণী খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তাৰোপৰি ৰাজ্যৰ আন আন নগৰাঞ্চলতো নিশা ১২ বজালৈকে খুলি ৰাখিব পাৰিব সুৰাৰ বিপণীসমূহ। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ এনে সিদ্ধান্তই স্বাভাৱিকতে নিশা সুৰাৰ ৰাগীৰে ৰঙীন হৈ পৰা সকলক আনন্দিত কৰি তুলিছে।
তাৰোপৰি গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত এতিয়াৰে পৰা ২৪ ঘণ্টাই ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। সেই অনুসৰি এই চহৰ কেইখনত যি সপ্তাহিক বন্ধৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ অৱসান ঘটোৱা হৈছে।
অৱশ্যে ২৪ ঘণ্টাই ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা ৰাখিলেও কৰ্মচাৰীসকলক দৈনিক মাত্ৰ ৯ ঘণ্টা সময়হে কৰ্মত নিয়োগ কৰিব পাৰিব। মুঠ ৩ টা ভাগত ভাগ কৰি কৰ্মচাৰী নিয়োগ কৰিব লাগিব ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰগৰাকীয়ে।
ৰাজ্যত অতিৰিক্ত নিয়োগৰ সৃষ্টি কৰিবলৈকে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাইছে। নগৰাঞ্চলত নিশা ২ বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব ব্যৱসায়ীক প্ৰতিষ্ঠান। সেইদৰে গ্ৰামাঞ্চলতো নিশা ১১ বজালৈকে দোকান আদি খুলি ৰাখিব পাৰিব ব্যৱসায়ীসকলে। কোনো শ্ৰমিককে অৱশ্যে ৯ ঘণ্টাতকৈ অধিক কাম কৰিবলৈ বাধ্য কৰিব নোৱাৰিব।
নামৰূপ সাৰ কাৰখানাৰ এটা নতুন ইউনিট স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বাবে আজিৰ কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। নামৰূপত ইউৰিয়া, এমনীয়া প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰই ৬০ শতাংশ পুঁজি যোগান ধৰিব।
এই প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব থাকিব ৪০ শতাংশ। তাৰোপৰি ভাৰত চৰকাৰৰ মুঠ চাৰিটা সংস্থাৰ ইয়াত অংশীদাৰিত্ব থাকিব বুলি জনাইছে কেবিনেটে। দীৰ্ঘদিন ধৰি অৰুণচাল প্ৰদেশত বাস কৰি অহা মৰাণ জনগোষ্ঠীয় লোকসকলে পি আৰ চিৰ সমস্যাত ভূগি আছিল।
সেই ৰাজ্যখনে তেওঁলোকক পি আৰ চি নিদিয়াৰ ফলত নিয়োগকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছিল এই লোকসকল। ফলত অসম চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁলোকক যেতিয়ালৈকে পি আৰ চি নিদিয়ে তেতিয়ালৈকে অসমৰ পি আৰ চি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
ফলত এই জনগোষ্ঠীয় লোকসকলে অসমৰ মৰাণ জনগোষ্ঠীয়ে লাভ কৰা সুবিধাসমূহো লাভ কৰিব। তেওঁলোকে অসমত স্বাস্থ্য, অভিযান্ত্ৰিক আদি শিক্ষা ব্যৱস্থাৰ লগতে ৰাজ্যৰ সংৰক্ষণ ব্যৱস্থাও লাভ কৰিব।এন এইছ এমৰ অধীনত কৰ্মৰত হৈ থকা বিভিন্ন কৰ্মচাৰী আৰু নাৰ্ছসকলৰ বাবেও আজিৰ কেবিনেটে আশাৰ খবৰ কঢ়িয়াই আনিছে।
এতিয়াৰে পৰা তেওঁলোকে ৰাজ্য চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিত আবেদন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে নাথাকিব কোনো বয়সৰ সীমা। আজিৰ কেবিনেটে গোৱালপাৰা অসামৰিক হাস্পতালক ছহিদ নিধানুৰ ৰাম ৰাজবংশীৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইফালে বিদ্যালয় একত্ৰীকৰণৰ ফলত যিসমূহ বিদ্যালয়ৰ ভূমি পৰিত্যক্ত হৈ থাকিব সেই ভূমি তৎক্ষণিক ভাৱে জিলা আয়ুক্তৰ অধীনলৈ আহিব। প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যিসমূহ প্ৰাথমিক বিদ্যালয়ত ৫০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকিব সেইসমূহত হে প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব।
এই প্ৰধান শিক্ষকসকলে বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা লাভ কৰিব। চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত জিলা আয়ুক্তই অনুমোদন জনাব। তাৰোপৰি ৰ অধ্যাপকলৈ স্কেল দিয়াৰো সিদ্ধান্ত লৈছে কেবিনেটে।
ধেমাজি জিলাৰ জোনাইত চিমেন চিচি টাঙনী উন্নয়ন খণ্ড নামেৰে এটা নতুন উন্নয়ন খণ্ডতো অনুমোদন জনাইছে কেবিনেটে। তাৰোপৰি কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্ব শাসিত পৰিষদৰো তিনিওখন বিল সংশোধনৰ সিদ্ধান্ত লোৱা হৈছে।
এতিয়াৰে পৰা কমতাপুৰ পৰিষদত এছ টি, এছ চি, অ বি চি, এম অ বি চি থকা লোকে অন্তৰ্ভুক্ত হব। কেবিনেটে চৰাইবাহা আৰু খোৰাইগাঁৱক সংৰক্ষিত বনাঞ্চললৈ উন্নিত কৰাৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে। চাহ বাগিচা অঞ্চলৰ পথ উন্নয়নৰ বাবে কেবিনেটে ২৬২ কোটি টকাত অনুমোদন জনাইছে।