অসম মন্ত্ৰীসভাই প্ৰত্যাহাৰ কৰে ৩ লাখ লঘু গোচৰ...

ৰাজ্যিক মন্ত্ৰী সভাই গ্ৰহণ কৰে এক নতুন সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
অসম মন্ত্ৰীসভাই প্ৰত্যাহাৰ কৰে ৩ লাখ লঘু গোচৰ...

ডিজিটেল ডেস্ক : ৰাজ্যৰ জিলা ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ গোচৰৰ বোজা হ্ৰাস কৰিবলৈ মন্ত্ৰীসভাই গ্ৰহণ কৰে এক নতুন সিদ্ধান্ত । যোৱা ৬ মাহত ৰুজু হোৱা প্ৰায় তিনি লাখতকৈও অধিক লঘু গোচৰ খাৰিজ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীসভাৰ । এই সন্দৰ্ভত অতি সোনকালেই জাৰি কৰা হ'ব এছ অ' পি ।

Advertisment

উল্লেখ্য যে, মন্ত্ৰীসভাৰ বৈঠকৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি ৰাজ্যখনত বিভিন্ন ন্যায়ালয়ত ৪.১৯ লাখ গোচৰ ৰুজু হৈ আছে । ইয়াৰে সৰহ ভাগ গোচৰেই লঘু । সেই বাবেই ৰাজ্য চৰকাৰে বৈঠকত এই সমূহ গোচৰ খাৰিজ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এই খাৰিজৰ পাছত ৰাজ্যত প্ৰায় এক লাখ গুৰুতৰ গোচৰ ৰৈ যাব । এই ৩ লাখতকৈও অধিক লঘু গোচৰৰ বাবে গুৰুতৰ গোচৰ সমূহৰ শুনানিত যাতে পলম নহয় তাৰ বাবেই চৰকাৰে ল'ব লগীয়া হয় এই সিদ্ধান্ত ।

assam jayanta malla baruah ASSAM CABINET