বাৰপুজীয়াৰ দিগ্বিজয়ৰ সাফল্য, ৰাইজৰ উষ্ম আদৰণি

author-image
Asomiya Pratidin
New Update
বাৰপুজীয়াৰ দিগ্বিজয়ৰ সাফল্য, ৰাইজৰ উষ্ম আদৰণি

ডিজিটেল সংবাদ, বেবেজীয়া : অলপতে লক্ষ্ণৌত অনুষ্ঠিত একাদশ নেচনেল ভভিনাম মাৰ্চিয়েল আৰ্ট চেম্পিয়নচিপত অংশগ্ৰহণ কৰা মুঠ ২৩ খন ৰাজ্যৰ ভিতৰত অসমৰ পৰা পাপু খানৰ তত্ত্বাৱধানত ৫৭ জনীয়া লৰা ছোৱালীৰ দলটিয়ে অংশগ্ৰহণ কৰি বিভিন্ন শাখাত ১৮ টা সোন , ১১ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদক আজুৰি আনি অসমে দ্বিতীয় স্থান দখল কৰে ।

Advertisment

উল্লেখ্য যে নগাওঁ জিলাৰ বেবেজীয়াৰ পশ্চিম অঞ্চলৰ বাৰপূজীয়াৰ দিগ্বিজয় ডেকাই জুনিয়ৰ শাখাত ( ৫৪ কেজি ) যুদ্ধত (fight ) সোনৰ পদক আৰু আত্মৰক্ষাৰ ( self defence ) প্ৰদৰ্শনত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্য খনৰ লগতে জিলা খনলৈকো সুনাম কঢ়িয়াই । শুক্ৰবাৰে খেলুৱৈ জন গৃহ আহি পোৱাৰ লগে লগে স্থানীয় ৰাইজে উষ্ম আদৰণি জনাই উৎসাহিত কৰে ।

martial arts india assam sports