কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ ইছশ্ৰাফুল হক

কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ ইছশ্ৰাফুল হক

author-image
asomiyapratidin
New Update
কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ ইছশ্ৰাফুল হক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নিজৰ লগতে পৰিয়ালৰ বাবে এমুঠি অন্ন যোগাৰৰ উদ্দেশ্যে বাসগৃহৰ পৰা ওলাই গৈছিল ধনীয়াভেটিৰ ইছশ্ৰাফুল হক নামৰ যুৱকজন। কিন্তু সূদুৰ কেৰেলাত চাৰিদিন ধৰি সন্ধানহীন হৈ আছে ইছশ্ৰাফুল হক।

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱৰ আব্দুল ৰেজ্জাকৰ পুত্ৰ ইছশ্ৰাফুল হক একসপ্তাহ পূৰ্বে গাঁৱৰেই কেইজনমান যুৱকৰ লগত কামৰ সন্ধানত কেৰেলালৈ গৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, সোমবাৰে যুৱকজন কেৰেলাৰ আলুৱা ৰেলৱে ষ্টেচন পোৱাৰ পিছতে, এটি দুষ্ট চক্ৰই চলাহী কথাৰে যুৱকজনক কাম দিয়াৰ প্ৰলোভন দি অন্য ঠাইলৈ লৈ যায়।

তাৰ পিছৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছে। পৰিয়ালৰৰ লোকে ইতিমধ্যে বটদ্ৰৱা থানত উক্ত বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অতিকে দৰিদ্ৰ পৰিয়ালৰ যুৱকজন এনেদৰে হঠাৎ সন্ধানহীন হোৱাৰ খবৰে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কোনো সদাশয় ব্যক্তিয়ে ইছশ্ৰাফুল হকৰ কিবা সম্ভেদ পালে 6003824025 অথবা বটদ্ৰৱা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহব্বান জনাইছে।

আৰু পঢ়ক: INS Vikrant: প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে সৰ্বশক্তি মান যুদ্ধ জাহাজ…

nagaon missing batadrava assam Assam police