ডান্স ইণ্ডিয়া ডান্সত জিলিকিছে উৰিয়ামঘাটৰ এটি কিশোৰ, ভোটৰ বাবে আহ্বান

ডান্স ইণ্ডিয়া ডান্সত জিলিকিছে উৰিয়ামঘাটৰ এটি কিশোৰ, ভোটৰ বাবে আহ্বান

author-image
asomiyapratidin
New Update
ডান্স ইণ্ডিয়া ডান্সত জিলিকিছে উৰিয়ামঘাটৰ এটি কিশোৰ, ভোটৰ বাবে আহ্বান

ডিজিটেল সংবাদ, উৰিয়ামঘাট: গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ ভিতৰুৱা গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নৃত্যৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে এটি ন বছৰীয়া কিশোৰ। ৰাষ্ট্ৰীয় টেলিভিছন চেনেল জি টিভিৰ ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সৰ লিটল মাষ্টাৰ্চৰ পঞ্চম চিজনত মেৰাপানীৰ চাংখাতি গাঁৱৰ নৱজীত নাৰ্জাৰী নামৰ কিশোৰটি শীৰ্ষ দহজনৰ ভিতৰত অন্তৰ্ভুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

অতিকৈ দৰিদ্ৰ পৰিয়ালৰ উপেন নাৰ্জাৰী আৰু অনু নাৰ্জাৰীৰ সন্তান নৱজীতে কঠোৰ অনুশীলন আৰু পৰিশ্ৰমৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'টোত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৰিয়েলিটি শ্ব'টোত প্ৰাৰম্ভিক অৱস্থাত নৱজীতৰ অনন্য নৃত্যশৈলীয়ে বিচাৰক তথা আমন্ত্ৰিত চেলেব্ৰেটি সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰ্বি আংলঙৰ নৃত্য প্ৰশিক্ষক দীপিকা মাঝিৰ তত্বাৱধানত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰা নৱজীত নাৰ্জাৰীয়ে অ'ডিচন ৰাউণ্ডতে বিচাৰকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।

আগন্তুক চাৰিটা ৰাউণ্ডৰ বাবে নৱজীতক প্ৰয়োজন হৈছে ৰাইজৰ বিপুল ভোটৰ।সেয়েহে উৰিয়ামঘাটৰ কেন্দ্ৰীয় সংৰক্ষীত বাহিনীৰ কেম্পৰ সমিপৰ পৰা উৰিয়ামঘাট থানাৰ সমিপলৈ এক পদ যাত্ৰা বাহিৰ কৰি উৰিয়াঘাটবাসী ৰাইজক ভোট প্ৰদান কৰিবৰ বাবে উৎসাহিত কৰে।

উক্ত পদযাত্ৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা বিষয়-ববিয়া, নাম্বৰ আঞ্চলিক আৰু ৰেংমা আঞ্চলিকৰ বিষয়ববীয়া, ইউ বি পি অ'ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক,বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেশ্বৰ বড়ো,গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কৰ্ণ সিং লিম্বু, উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতিকে ধৰি কেইবাটাও দল সংগঠনৰ লোকে অংশ গ্ৰহণ কৰে। ৰাইজক নৱজিতৰ বাবে ৯১৫২৯১৫২৪৬ নম্বৰত মিচ কল মাৰি ভোট প্ৰদানৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে এক পদ যাত্ৰা বাহিৰ কৰে।

আৰু পঢ়ক: ঘিলামৰাত সংঘটিত হত্যাকাণ্ডত জড়িত  চাৰি অভিযুক্তক গ্ৰেপ্তাৰ…

assam golaghat