অকল শ্বাহৰুখেই নহয়, পাঠানত অভিনয় কৰিছে অসমৰ অভিনেতা দিগন্ত হাজৰিকায়ো...

অকল শ্বাহৰুখেই নহয়, পাঠানত অভিনয় কৰিছে অসমৰ অভিনেতা দিগন্ত হাজৰিকায়ো...

ডিজিটেল ডেস্ক: আজি শুভ মুক্তি পাব বলিউডৰ বহু বিতৰ্কিত চিনেমা 'পাঠান'। ইতিমধ্যে 'পাঠান'ক লৈ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। 'পাঠান'ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক‌ই চুই গৈছে অসমকো।

'পাঠান'ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক আৰু চৰ্চাৰ মাজত হেৰাই যোৱা এটা বিশেষ খবৰ। 'পাঠান'ৰ বিতৰ্ক‌ইহে যে অসমক স্পৰ্শ কৰিছে তেনে নহয়। 'পাঠান'ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে অসমৰ।

'পাঠান'ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে এজন অসমীয়া অভিনেতাই। বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ মাজত এতিয়ালৈকে ক'তো চৰ্চালৈ অহা নাই এই খবৰ।

'পাঠান'ত অভিনয় কৰা অসমৰ অভিনেতা গৰাকী দিগন্ত হাজৰিকা। সুঠাম দেহৰ, পেশীবহুল অভিনেতা দিগন্ত হাজৰিকাক পুনৰবাৰ 'পাঠান'ৰ জৰিয়তে বলিউডত দেখা পাব অসমৰ ৰাইজে।

ইতিমধ্যে ঋত্বিক ৰৌশনৰ সৈতে 'মহেঞ্জদাৰু'ৰ দৰে বলিউড চিনেমাত অভিনয় কৰি বলিউডত থিতাপি লোৱা অভিনেতাজনক এইবাৰ দেখা পোৱা যাব বলিউড বাদশ্বাহ শ্বাহৰুখ খান, হেণ্ডচম হাংক জন আব্ৰাহামৰ সৈতে একেলগে।

'পাঠান'ৰ মুক্তিৰ পূৰ্বে দিগন্ত হাজৰিকাৰ কেইখনমান ফটো পোহৰলৈ আহিছে। য'ত অসমীয়া অভিনেতা জনক দেখা গৈছে শ্বাহৰুখ খান, জন আব্ৰাহাম, দীপিকা পাডুকন আদিৰ সৈতে।

আদিল হুছেইন, বাহাৰুল ইছলাম আদি অসমীয়া অভিনেতাৰ পিছত দিগন্ত হাজৰিকাই এনে এজন অসমীয়া অভিনেতা যিয়ে বলিউডত থিতাপি ল'বলৈ সক্ষম হৈছে। 'মহেঞ্জদাৰু' ৰ পিছত 'পাঠান'ৰ দৰে বিগ বাজেটৰ ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছে।

অৱশ্যে অভিনয় ক্ষেত্ৰখনক বাদ দি বলিউডৰ সংগীত ক্ষেত্ৰখনত বহু কেইজন অসমীয়াই ইতিমধ্যে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। কণ্ঠশিল্পী হিচাপে জুবিনৰ পিছত পাপনে দখল কৰিছে এখন নিগাজী আসন। আনহাতে অমৃত প্ৰীতম, অনুৰাগ শ‌ইকীয়া, অভিশ্ৰুতি বেজবৰুৱা আদিয়েও দখল কৰিছে সুকীয়া আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in