বন্ধুৰ সৈতে ফুৰিব গৈছিল দিল্লীলৈ! হোটেলৰ কোঠাত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

পুনৰ নতুন দিল্লীত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজন তিনিচুকীয়াৰ প্রশান্ত দেৱ বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
বন্ধুৰ সৈতে ফুৰিব গৈছিল দিল্লীলৈ! হোটেলৰ কোঠাত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

ডিজিটেল ডেস্ক: পুনৰ নতুন দিল্লীত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজন তিনিচুকীয়াৰ প্রশান্ত দেৱ বুলি জানিব পৰা গৈছে।

Advertisment

১ নৱেম্বৰত প্রশান্তসহ তিনিগৰাকী বন্ধু গৈছিল দিল্লীলৈ। লগত গৈছিল বিশাল দেৱ আৰু চুইটী পাল নামৰ এগৰাকী যুৱতী।

দিল্লীৰ চান্দনী চকৰ বৈষ্ণ হোটেলত আছিল তিনিওগৰাকী। কিন্তু শনিবাৰে প্রশান্তই আত্মহত্যা কৰাৰ কথা অৱগত কৰিছিল বিশালে। বিশালে নিজৰ পৰিয়ালৰ লগতে প্রশান্তৰ বন্ধুক অৱগত কৰিছিল এই কথা।

সম্প্রতি বিশাল দেৱ আৰু চুইটী পাল পলাতক। দেওবাৰে ডিব্রুগড় বিমান বন্দৰত উপস্থিত হৈছিল দুয়ো। কিন্তু বৰ্তমান অৱস্থাত পলাতক আছে দুয়ো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব যে এয়া হত্যা নে আত্মহত্যা।

delhi dead assam