
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰবাৰ নসত্ৰ কহুৱাতলিত গাঁৱৰ মিন্টু বৰা নামৰ এজন যুৱকৰ মেঘালয়ত ৰহস্য জনক মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কহুৱাতলিতৰ হৰেন বৰাৰ পুত্ৰ মিন্টু বৰাই কিছুদিন পূৰ্বে মেঘালয়লৈ গৈছিল। নিজ ভিনিয়েকৰ তত্বাবধানত মেঘালয়ৰ ষ্টাৰ চিমেন্ট ফেক্টৰীত কৰ্মৰত যুৱক জনৰ যোৱা ২৯ মাৰ্চত ষ্টাৰ চিমেন্ট শ্ৰমিক কোৱাটাৰত ৰহস্যজনক মৃত্যুৰ খৱৰ লাভ কৰে পৰিয়ালৰ লোকে।
মৃত মিন্টু বৰাৰ পিতৃকে প্ৰমুখ্য কৰি পৰিয়ালটোৰ সদস্য আৰু স্থানীয় লোকৰ মতে সুৰাসক্ত, উদণ্ড প্ৰাঞ্জল বৰা নামৰ নিজ ভিনিয়েকে হত্যা কৰিছে মিন্টুক। উল্লেখ যে, কিছুদিন পূৰ্বৰ পৰাই ভিনিয়েকৰ লগত পৰিয়ালটোৰ মনোমালিন্য ঘটি আহিছিল।
উদণ্ড ভিনিয়েকে কেইবাদিনো আহি পৰিয়ালটোক হাৰাশাস্তি কৰাৰ লগতে মিন্টুৰ বায়েক তথা নিজ পত্নীক মাৰপিট কৰিছিল। ইফালে মিন্টুৰ মৃতদেহ অনাৰ পাছত শোকাকুল পৰিবেশ কহুৱাতলিত। পৰিয়ালৰ লোকে ন্যায় বিচাৰি মেঘালয়ৰ লুমচনং (lumshnong) আৰক্ষী থানা আৰু জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।