অসম গ্ৰন্থমেলাত ৩ দিনত বিক্ৰী ৫০ লাখ টকাৰ কিতাপ

অসম গ্ৰন্থমেলাত  ৩ দিনত বিক্ৰী ৫০ লাখ টকাৰ কিতাপ

ডিজিটেল ডেস্কঃ বছৰটোৰ অন্তিম দিনা আজি গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশত উছৱমুখৰ হৈ উঠে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ শীতৰ সন্ধিয়া গ্ৰন্থৰ সান্নিধ্যৰে মায়াময় পৰিৱেশত পুথিপ্ৰেমীসকলে প্ৰাণোচ্ছল কৰি তোলে গ্ৰন্থমেলাৰ বাকৰি ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি পৰিলক্ষিত হয় অভূতপূৰ্ব ভিৰ ৷

কুঁৱলি আচ্ছাদিত শীতৰ সন্ধিয়া লেখক-পাঠকৰ মাজত চলা সাহিত্যৰ আড্ডাই সজীৱ কৰি তোলে গ্ৰন্থমেলাৰ চোতাল ৷ নতুন কিতাপ বিচাৰি অহা পঢ়ুৱৈৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে বিপণীসমূহত৷ বিগত তিনিদিনত প্ৰায় ৫০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তা সকলে ৷

সমান্তৰালভাৱে ভাষা-সাহিত্য-সংস্কৃতিক লৈ আয়োজন কৰা ভিন্নসুৰি কাৰ্যসূচীয়েও আকৰ্ষণ বৃদ্ধি কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ আজি পুৱা ১১ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত মহিলাসকলৰ নিৰ্ধাৰিত বিশেষ অনুষ্ঠান “অৰ্ধ আকাশ”ৰে সংগতি ৰাখি আয়োজিত হয় “মুক্ত আকাশ মুক্ত চিন্তা”৷ বিশিষ্ট সাহিত্যিক-সমালোচক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকাই এই অনুষ্ঠানটি উদ্বোধন কৰে ৷ আকৰ্ষণীয়ৰূপত অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট লেখিকা ৰাণী গোঁহায়ে ৷সাহিত্য-সংস্কৃতি,ক্ৰীড়া-সংগীত , শিল্প-বাণিজ্য , শিক্ষা-প্ৰশাসন আদি ভিন্ন ক্ষেত্ৰত জৰিত ভালেকেইগৰাকী বিশিষ্ট মহিলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সমাজৰ সৰ্বস্তৰত মহিলাসকলে কাম কৰি অহা বুলি বক্তব্য আগবঢ়ায় ৷ পাকঘৰৰ পৰা আৰম্ভ কৰি দেশৰ সীমান্ত সুৰক্ষাৰ দায়িত্বলৈ মহিলাসকলে সুচাৰুৰূপে পালন কৰি অহাৰ বিষয়টো ইয়াত চৰ্চিত হয় ৷ ড° কৰবী ডেকা হাজৰিকাই কয় যে পৃথিৱীখন পুৰুষ-মহিলা উভয়ে সুন্দৰ কৰি ৰাখিছে ৷ কিন্তু এটা কথা সঁচা যে মহিলাসকলএতিয়াও বিভিন্ন অৱদমনৰ বলি হৈ আহিছে ৷

ইয়াৰ কাৰণ বিজ্ঞান মনস্ক সামাজিক শিক্ষাৰ অভাৱ ৷ এতিয়া আৰু মহিলাসকলক হেয় কৰাৰ যুগ নাই ৷ ইয়াত অংশগ্ৰহণকাৰী মহিলাসকলে গীতে-মাতে অনুষ্ঠানটি উপভোগ্য কৰি তোলে ৷ বিয়লি ২ বজাত আয়োজন কৰা হয় মহিলাসকলৰে আন এক অনুষ্ঠান “জোনাকী মেল” ৷ ইয়াতো ভিন্ন ক্ষেত্ৰৰ নিপুণ মহিলাসকলে অংশগ্ৰহণ কৰি কথা-কবিতা, সুৰ-সংগীতেৰে সজাই অনুষ্ঠানটি জীপাল কৰি তোলে ৷ইপিনে সন্ধিয়া মূল মঞ্চত আৰ্য মহাবিদ্যালয় আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷

কাইলৈ ইংৰাজী নৱবৰ্ষ ২০২৪ ৰ প্ৰথমদিনা বিয়লি ২ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ’ব “লেখক-পাঠকৰ সমাৰোহ” ৷ এই আকৰ্ষণীয় অনুষ্ঠান সঞ্চালনা কৰিব বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ , নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ অনুষ্ঠানটি উদ্বোধন কৰিব বিশিষ্ট ইতিহাসবিদ, অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে ৷

অসম গ্ৰন্থমেলাত  ৩ দিনত বিক্ৰী ৫০ লাখ টকাৰ কিতাপ
পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মানুহজন- আপুনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in