ডাম্পিং গ্ৰাউণ্ড হ’বগৈ নেকি দেওপাহাৰ সংৰক্ষিত বনাঞ্চল?

ডাম্পিং গ্ৰাউণ্ড হ’বগৈ নেকি দেওপাহাৰ সংৰক্ষিত বনাঞ্চল?

author-image
asomiyapratidin
New Update
ডাম্পিং গ্ৰাউণ্ড হ’বগৈ নেকি দেওপাহাৰ সংৰক্ষিত বনাঞ্চল?

ডিজিটেল সংবাদ,বোকাখাত: বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ প্ৰতি প্লাষ্টিকে ভয়াৱহ সংকট কঢ়িয়াই আনিছে, তাৰ নিদৰ্শন দেখা পোৱা গৈছে নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত৷

অঞ্চলটো জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ যদিও এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালি কৰিছে বন‌ বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে।

এচাম অসাধু লোকে মুক্তভাৱে প্লাষ্টিক আবৰ্জনা পেলাই অহাত দেওপাহাৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে। আনহাতে এই প্লাষ্টিক আৱৰ্জনা ভক্ষণ কৰিছে বন্যপ্ৰাণীয়ে। উল্লেখ্য যে বিগত বৰ্ষত দেওপাহাৰৰ হাতীৰ পেটৰ পৰা বৰ্জিত পদাৰ্থৰ লগত বৃহৎ পৰিমাণৰ পলিথিন ওলোৱা খবৰে প্ৰকৃতি প্ৰেমীসকলক সচকিত কৰি তুলিছিল৷

ইফালে গোলাঘাট জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি আংশিক সঁহাৰি জনাই দেওপাহাৰক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পৰা সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া হৈছিল যদিও একাংশ কাণ্ডজ্ঞানহীন আৰু বনজ সম্পদ ধ্বংসকাৰীৰ বাবে দেওপাহাৰত প্ৰকৃতাৰ্থত একো পৰিবৰ্তন হোৱা পৰিলক্ষিত নহ'ল৷

দেওপাহাৰৰ তিনিও দিশে নতুনকৈ গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰৰ পৰা সকলো বৰ্জিত পদাৰ্থ পেলাবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যেন ডাম্পিং গ্ৰাউণ্ড হিচাপে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলকে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ব্যৱসায়ীসকলক৷

প্ৰশাসনৰ চকুৰ সমুখতে দেওপাহাৰৰ কাষৰীয়া বজাৰৰ বৰ্জিত পদাৰ্থবোৰ পেলাবলৈ ডাম্পিং গ্ৰাউণ্ড হিচাপে সকলোৱে ব্যৱহাৰ কৰি আহিছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক৷ বন্যপ্ৰাণীৰ বিচৰণভূমিত জাবৰ পেলোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কোনো নিষেধাজ্ঞা আৰু নিৰ্দেশনা নথকাৰ ফলত বৰ্তমান সময়ত ভয়াবহ ৰূপত বৃদ্ধি পাইছে প্লাষ্টিক আৰ্বজনাই।

ইফালে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক জিলা প্ৰশাসন আৰু বন বিভাগে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ'বলৈ এৰি দিয়াটোৱে স্বাভাবিকতেই সচেতন মহলৰক চিন্তিত কৰি তুলিছে৷

bokakhat assam