ডিজিটেল ডেস্কঃ কোন হ'ব অসম বিজেপিৰ পৰৱৰ্তী সভাপতি? কোনে লাভ কৰিব ৰাজ্যিক বিজেপিৰ শীৰ্ষ গুৰুত্বপূৰ্ণ পদবীটো। ইয়াক লৈ এতিয়া বিজেপিৰ ভিতৰভাগত আৰম্ভ হৈছে তীব্ৰ চৰ্চা। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰিছে যে, ২০২৫ৰ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত নতুনকৈ গঠন কৰা হব বিজেপিৰ ৰাজ্যিক সমিতি আৰু নিৰ্বাচন কৰা হব নতুন সভাপতি।
চলিত বৰ্ষৰ ৫ডিচেম্বৰৰ পৰা ২৪ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ মণ্ডল জিলা সমিতিসমূহ নতুনকৈ গঠন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৱা শনিবাৰে বশিষ্ঠস্থিত কাৰ্যালয়ত সাংগাঠনিক নিৰ্বাচনৰ সন্দৰ্ভত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠকৰ।
এই বৈঠকত উপস্থিত আছিল ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰিও অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে । লগতে উপস্থিত থাকে মন্ত্ৰী, বিধায়ক, সাংসদ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জিলা আৰু মণ্ডল সভাপতিসকল ।
এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, বিজেপিৰ মণ্ডল, জিলা সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন । উল্লেখ্য যে ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া । জিলাই জিলাই মণ্ডল, জিলাৰ উপৰিও বুথসমূহ নতুনকৈ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।