আজি উৰুকা: বজাৰ ভৰিছে থলুৱা সামগ্রীয়ে...

আজি ৰঙালী বিহুৰ উৰুকা। উৰুকাৰ বজাৰত দেখা পোৱা গৈছে অসমীয়াৰ থলুৱা সামগ্রী...

author-image
Asomiya Pratidin
New Update
আজি উৰুকা: বজাৰ ভৰিছে থলুৱা সামগ্রীয়ে...

ডিজিটেল ডেস্ক : ৰাজ্যত ৰঙালীৰ উখল-মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। সমান্তৰাল ভাৱে ভিৰ বাঢ়িছে বজাৰত।

Advertisment

আজি ৰঙালী বিহুৰ উৰুকা। উৰুকাৰ বজাৰত দেখা পোৱা গৈছে অসমীয়াৰ থলুৱা সামগ্রী। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠ জনক বস্ত্ৰদান কৰি সেৱা কৰা, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰাৰ সমান্তৰাল ভাৱে বিহুৰ যা-জলপান অন্যান্য সামগ্রী ক্ৰয়ৰ বাবে ভিৰ দেখা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ প্ৰতিখন সৰু-বৰ বজাৰত এতিয়া উভৈনদী বিহুৰ প্রয়োজনীয় সা-সামগ্রী, লাড়ু-পিঠা, গুৰ, দৈ, চিৰা, আখৈ আদি। মুঠৰ ওপৰত বজাৰ ভৰিছে অসমীয়াৰ প্ৰাণৰ থলুৱা সামগ্রী সমূহে।

আনহাতে কৰ্মব্যস্ততা এৰি আপোন ঘৰখনলৈ উভতিছে বিভিন্নজন। উজনি-নামনি সৰ্বত্র ৰঙালীৰ আনন্দত মতলীয়া হৈ হেঁপাহৰ ঘৰলৈ ঢাপলি মেলিছে কৰ্মচাৰী। যান্ত্রিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে।

Also Read: ১৫ দিন পূৰ্বে ওলাইছিল জেলৰ পৰা! পুনৰ বহিঃ ৰাজ্যৰ যুৱতীক ধৰ্ষণৰ অপচেষ্টা কিশোৰৰ

assamese culture