দুবছৰৰ পিছত নাথাকিব ডি এল এডঃ ২০৩০ ৰ পিছত বৈধ নহ’ব বি এড ডিগ্ৰী…

দুবছৰৰ পিছত নাথাকিব ডি এল এডঃ ২০৩০ ৰ পিছত বৈধ নহ’ব বি এড ডিগ্ৰী…

author-image
asomiyapratidin
New Update
কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ অহ্বান শিক্ষামন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বিধানসভাত ঘোষণা কৰা অনুসৰি ২০৩০ চনৰ পিছত ৰাজ্যত নাথাকিব বি এড ডিগ্ৰীৰ বৈধতা। সমান্তৰালভাৱে দুবছৰ পিছত ডি এল এডৰো স্বীকৃতি নাথাকিব। বিধানসভাত শিক্ষা বিভাগ সংক্ৰান্তীয় কৰ্তন প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছে।

মন্ত্ৰী পেগুৱে কয়, নতুন শিক্ষা নীতি অনুসৰি অসমত প্ৰযোজ্য হগ' সংহত বি এড ডিগ্ৰী।চাৰি বছৰীয়া এই সংহত বি এড ডিগ্ৰী গ্ৰহণ কৰা সকলেহে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। লগতে তেওঁ কয় যে ৰাজ্যৰ ৬৮খন মহাবিদ্যালয়ত সংহত বি এড ডিগ্ৰীৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব।

ৰাজ্যত বৰ্তমান ১০ খন বি এড কলেজ, ১৫ খন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত বি এডৰ পাঠ্যক্ৰম আছে। ৰাজ্য চৰকাৰে সংহত বি এড পাঠ্যক্ৰমৰ বাবে ৭১ খন মহাবিদ্যালয় চিনাক্ত কৰিছে। এই মহাবিদ্যালয়সমূহৰ ভিৰতৰ ৩ খন মহাবিদ্যালয় ইতিমধ্যে বিশ্বিদ্যালয়লৈ উন্নীত হৈছে।বাকী ৬৮ খন মহাবিদ্যলায়ত শীঘ্ৰে সংহত বি এড পাঠ্যক্ৰম আৰম্ভ হ'ব। একে সময়তে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহতো সংহত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ চিন্তা চৰ্চা কৰি আছে।

বিধান সবাত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ মুঠ ৬২শতাংশ শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত নহয়। মাত্ৰ ৩৮ শতাংশ শিক্ষকহে প্ৰশিক্ষণপ্ৰাপ্ত।