/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/6c47eda3-8603-45ee-9f41-d9f3c855ef2d.jpg)
ডিজিটেল ডেস্কঃ পৃথিৱীত আছে এনে এখনেই বিচনা। বহু দামী বিচনা হয়তো আপুনি দেখিছে। ৰজা-মহাৰজাই শয়নৰ বাবে ব্যৱহাৰ কৰা বিলাসী বিচনাৰ কথা শুনিছে। কিন্তু এতিয়ালৈকে কোনেও এনে বিচনা নিৰ্মাণ কৰা নাই। বিশ্বত অভিলেখ সৃষ্টি কৰিব পৰা এই বিচনাখন আছে অসমত।
এতিয়ালৈকে এই বিচনাখনৰ গৰাকী কোনো হোৱা নাই। কিন্তু যিয়ে বিচনাখনৰ কাষলৈ এবাৰ গৈছে, তেওঁৱেই বিচনাখনত এবাৰ উঠি শোৱাৰ আমেজ লৈছে। অৱশ্যে সেয়া মুহূৰ্তৰ বাবে। এজন শিল্পীয়ে অশেষ কষ্টৰে নিৰ্মাণ কৰিছে এই বিচনাখন।
বিচনাখনৰ কাৰোকাৰ্য দেখিলে আপুনি তবধ মানিব। আচলতে এই বিচনাখন কোনো ৰজা-মহাৰজা বা অভিজাত পৰিয়ালৰ ঘৰহে শুৱনি কৰিব। পিতলৰ বাচন আপুনি ব্যৱহাৰ কৰিছে। কিন্তু পিতলৰ এখন বিচনাৰ কথা আপুনি কেতিয়াবা ভাবিছিল নে? চকু চাট মাৰি ধৰা এই বিচনাখনৰ ওজন ১০০০ কিঃগ্ৰাঃ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/ed6bc4cf-8b29-49b9-a3f9-29ffa5a6c96b.jpg)
মহেশ ডেকা নামৰ এজন পিতলৰ শিল্পীয়ে দীৰ্ঘদিনৰ প্ৰস্তুতিৰ অন্তত নিৰ্মাণ কৰিছে এই বিচনাখন। প্ৰতিটো চোকে-কোণে তেওঁ বিচনাখনত শিল্পীৰ নিপুণতাৰ প্ৰমাণ দিছে। এই বিচনাখন অৱশ্যে আপুনি কিনো বুলিলে কিনি আনিব নোৱাৰে। বিচনাখনৰ দাম যিমান, সেই ধনেৰে আপুনি অতি কমেও ৭খন এল্ট' গাড়ী কিনিব পাৰিব।
কিন্তু প্ৰতিজন লোকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিচনাখন। ২৫ লাখ টকীয়া এই বিচনাখন চাবলৈ এতিয়া পিতল শিল্পী মহেশ ডেকাৰ বাসগৃহত ভৰি কৰিছে দৰ্শনাৰ্থীয়ে। কাঁহ-পিতলৰ উদ্যোগত নাম আছে সৰ্থেবাৰীৰ। এই সৰ্থেবাৰীতেই আছে এতিয়া কেৱল অসম বা ভাৰতৰে নহয়, বিশ্বৰ এই বিৰল বিচনাখন।