জেহাদীৰ হটবেড হৈছে অসম…

জেহাদীৰ হটবেড হৈছে অসম…

author-image
asomiyapratidin
New Update
৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

ডিজিটেল ডেস্ক : অসম জেহাদীৰ ঘাটিত পৰিণত হৈছে। এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনচাৰো ইছলামসহ ৬জন বাংলাদেশৰ নাগৰিকে অসমত প্ৰৱেশ কৰি এই কাৰ্যকলাপ অব্যাহত ৰাখিছে। ইয়াৰে এজনক চলিত বৰ্ষৰ মাৰ্চ মাহত বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

Advertisment

মুছলমান যুৱকসকলক বাহিৰৰ পৰা অহা ইমামে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাৰ জড়িয়তে এনে জেহাদীৰ কাৰ্যকলাপ চলাবলৈ প্ৰৰোচিত কৰি আহিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে জেহাদীৰ গতিবিধি উগ্ৰপস্থীৰ গতিবিধিৰ পৰা কিছু পৃথক।

লগতে তেওঁ জানিবলৈ দিয়ে, "এতিয়ালৈ এজন বাংলাদেশীক হে গ্ৰেপ্তাৰ কৰা হৈছে। লগতে সকলোলৈ মোৰ অনুৰোধ যে ৰাজ্যৰ যিকোনো প্ৰান্তৰ কোনোবা মাদ্ৰাছাৰ লগত জড়িত বা ইমামৰ পৰিচয় পালে ওচৰৰ আৰক্ষী চকীত শীঘ্ৰেই খবৰ দিয়ক।"

আৰু পঢ়ক : হিটছত প্ৰথম স্থানত হিমা দাস

assam Assam police guwahati himanta biswa sarma bjp