/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ratan.png)
ডিজিটেল ডেস্ক: বুধবাৰে মুম্বাইত উপস্থিত হৈ ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ' প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে শৰ্মাই।
টুইট কৰি লিখে যে, "আজি মুম্বাইত উপস্থিত হৈ ৰতন টাটাত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিলো। উদ্যোগপতি তথা সমাজসেৱক গৰাকীয়ে অসমৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া ক্ষেত্ৰ খনত অনবৈদ্য় অৱদান আগবঢ়াইছে"।
Had the privilege to honour @tatatrusts Chairman Shri Ratan Naval Tata with 'Assam Baibhav', our State's highest civilian award,at Mumbai today.
The visionary industrialist & philanthropist has made exceptional contribution towards furthering cancer care in Assam.@RNTata2000 pic.twitter.com/dwDlXyEtvq
— Himanta Biswa Sarma (@himantabiswa) February 16, 2022
উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীস্থিত কলাক্ষেত্ৰত প্ৰদান কৰা হৈছিল অসমৰ নতুনকৈ ঘোষিত অসামৰিক সন্মান অসম বৈভৱ,অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। কিন্তু স্বাস্থ্যজনিত কাৰণত ৰতন টাটা এই বঁটা গ্ৰহণ কৰিবলৈ আহিবলৈ পৰা নাছিল যি টাটাই পত্ৰ যোগে জনাইছিল মুখ্যমন্ত্ৰী শৰ্মাক।
তাৰপাছতে আজি মুম্বাইত উপস্থিত হৈ শৰ্মাই নিজ বাতে এই বঁটা প্ৰদান কৰে খ্যাতিমান সমাজসেৱক তথা উদ্যোগপতি ৰতন টাটাক।