অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ ভ্ৰমণে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সপোনক সাকাৰ ৰূপ দিবঃ অখিল গগৈ

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ ভ্ৰমণে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সপোনক সাকাৰ ৰূপ দিবঃ অখিল গগৈ

author-image
asomiyapratidin
New Update
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ ভ্ৰমণে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সপোনক সাকাৰ ৰূপ দিবঃ অখিল গগৈ

ডিজিটেল ডেস্কঃ শিৱসাগৰ ভ্ৰমণলৈ যোৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শিৱসাগৰৰ কেইবাটাও ঐতিহাসিক স্থান পৰিভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ছোৱাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সংগ দিয়ে ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী আৰু শিৱসাগৰৰ বিধায়ক অখি গগৈয়ে।

Advertisment

অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিধায়কসকলৰ সৈতে শিৱসাগৰৰ আৱৰ্ত ভৱনত অখিল গগৈয়ে আহাৰ গ্ৰহণ কৰাৰ উপৰিও পুৰাতত্ব বিভাগৰ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'ল দৰ্শন কৰে আৰু এই ঐতিহাসিক স্থানসমূহৰ বিষয়ে মত বিনিময় কৰে।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ ভ্ৰমণে শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠাৰ সপোনক সাকাৰ ৰূপ দিব বুলি উল্লেখ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ অধ্যক্ষ আৰু বিধায়কসকলৰ শিৱসাগৰ ভ্ৰমণে অসম বিধানসভাক শিৱসাগৰ সম্পৰ্কে অধিক অৱগত কৰিব বুলি আশা ব্যক্ত কৰিছে।

assam biswajit daimari sivsagar akhil gogoi