শিক্ষামন্ত্ৰীৰ মন্তব্য 'ৰজাৰ হুকুম' সদৃৃশ কথাঃ মাধ্যম বিতৰ্কত উত্তাল অসম বিধানসভা...

অসমীয়া ভাষাক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ অখিল গগৈৰ

author-image
Asomiya Pratidin
New Update
শিক্ষামন্ত্ৰীৰ মন্তব্য 'ৰজাৰ হুকুম' সদৃৃশ কথাঃ মাধ্যম বিতৰ্কত উত্তাল অসম বিধানসভা...

assam assembly assam assembly

ডিজিটেল ডেস্কঃ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই উত্তপ্ত হৈ পৰে সদন। মাধ্যম বিতৰ্কক লৈ অসম বিধানসভাত সৃষ্টি হয় উত্তাল পৰিৱেশ। ৰাজ্য চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত শিক্ষাদান কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধী পক্ষই সমালোচনা কৰাৰ লগতে শাসনাধিস্ত বিজেপি দলটোৱে মাতৃভাষাক ধ্বংস কৰিবলৈ বিচাৰিছে বুলি উল্লেখ কৰে।

Advertisment

আনহাতে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে ৰাজ্যৰ বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে। ইফালে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে সদনত মাধ্যম বিতৰ্কত ভাগ লৈ কয় যে, চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যম কৰিবলৈ লোৱা বিষয়টো অতি ভয়ংকৰ। তেওঁ চৰকাৰৰ এই সিদ্ধান্তই মাতৃভাষাক সংকটৰ গৰাহলৈ ঠেলি দিব বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও শেহতীয়াকৈ শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ নামত ৰাজ্যৰ বহু শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ বিচাৰিছে বুলিও দাবী কৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মাধ্যম বিতৰ্ক সন্দৰ্ভত কয় যে, মাধ্যম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ধাৰণা ভুল। বিধানসভাত এই সন্দৰ্ভত বিৰোধীক যুক্তি প্ৰদৰ্শনৰ কোনো সুযোগ দিয়া নাই। ইয়াৰ উপৰিও দেৱব্ৰত শইকীয়াই কয় যে, চৰকাৰৰ সিদ্ধান্ত সলনি নহয় বুলি শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্য ৰজাৰ হুকুম সদৃশ কথা।

উল্লেখ্য যে, মাতৃভাষাৰ বিতৰ্ক সন্দৰ্ভত বিৰোধীয়ে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কংগ্ৰেছ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ ৰাখিছিল। কিন্তু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। এই সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় বিৰোধী পক্ষক কয় যে, সভা স্থগিত নৰখাকৈও বিষয়টো আলোচনা কৰিব পাৰি।

অৱশ্যে পৰৱৰ্তী সময়ত ১০ মিনিটৰ বাবে সদন স্থগিত ৰখা হয় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই মাধ্যম বিতৰ্ক সন্দৰ্ভত সদনত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে।

biswajit daimari assam assembly pijush hazarika himanta biswa sama debabrat saikia akhil gogoi bharat narah