সদনত বিৰোধীৰ মুখ বন্ধ কৰিছে ! অধ্যক্ষৰ পক্ষপাতৰ অভিযোগত উত্তাল বিধানসভাৰ মজিয়া...

কংগ্ৰেছৰ সদন ত্যাগ

author-image
Asomiya Pratidin
New Update
সদনত বিৰোধীৰ মুখ বন্ধ কৰিছে ! অধ্যক্ষৰ পক্ষপাতৰ অভিযোগত উত্তাল বিধানসভাৰ মজিয়া...

assam assembly assam assembly

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎৰালীন অধিৱেশনৰ দ্বিতীয়টো দিনতো উত্তাল হৈ পৰে সদন। বিশেষকৈ দ্বিতীয়টো দিনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভূমিকাত অসন্তুষ্ট হৈ পৰে বিৰোধী কংগ্ৰেছ। দলটোৱে অধ্যক্ষৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি ত্যাগ কৰে সদন।

Advertisment

কংগ্ৰেছে সদনত প্ৰশ্নোত্তৰ কালত সময়ৰ অভাৱ আৰু সময়ৰ অভাৱৰ বাবেই পৰিপূৰক প্ৰশ্ন উত্থাপন কৰাৰ পৰা তেওঁলোকক বাৰণ কৰাৰ অভিযোগ উত্থাপনেৰে সদন ত্যাগ কৰে। এই সন্দৰ্ভত বিৰোধী উপ-দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সমালোচনা কৰে।

ৰকিবুল হুছেইনে কয় যে, মূল প্ৰশ্নকৰ্তাৰ উপৰিও আন আন বিধায়কক পৰিপূৰক প্ৰশ্ন কৰিব দিব লাগে। এয়া সদনৰ পুৰণি নিয়ম। কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰকিবুল হুছেইনৰ মন্তব্যৰ বিপৰীতে কয় যে, এতিয়া এই নিয়ম নচলে। ইতিমধ্যে এই বিষয়ত আলোচনাও হৈ গৈছে।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মতে পূৰ্বৰ অধ্যক্ষই এই নিয়ম কৰিছিল। ইয়াৰ বিপৰীতে ৰকিবুল হুছেইনে এইদৰে পৰিপূৰক প্ৰশ্ন উত্থাপনৰ পৰা বাৰণ কৰি বিৰোধীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

biswajit daimari rockybul hussain assam assembly bjp congress