/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/537a6e13-28c4-4b13-9458-8b5ca2dc12c8/assam_cm.jpg)
ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। এই অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
বিধানসভাত ঘৰুৱা সহায়কাৰিক লৈ মুখ্যমন্ত্রীয়ে মন্তব্য আগবঢ়ায়। ‘ঘৰুৱা সহায়কাৰিক লৈ অচিৰেই চৰকাৰে আনিব নতুন আইন’। ‘আদিবাসী সম্প্রদায়ৰ ল’ৰা-ছোৱালীক বহুতে ঘৰৰ কাম কৰিবলৈ ৰাখিছে’। ‘এই কথা দৃষ্টিগোচৰ হৈছে চৰকাৰৰ’ বুলি তেওঁ মন্তব্য কৰে।
লগতে তেওঁ উল্লেখ কৰে যে ‘কাম কৰা ল’ৰা-ছোৱালী আনিলে ওচৰৰ পুলিচ থানাত জনাব লাগিব’। ‘বনকৰা ল’ৰা-ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল’ব লাগিব মালিকে’। ‘মাক-দেউতাকৰ অনুমতিত আনিলেও পঢ়া-শুনাৰ দায়িত্ব ল’ব লাগিব’। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।