নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা…

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অৰুণাচলীয়ে অসমৰ ভূমিত পুখুৰী খন্দাক কেন্দ্ৰ কৰি এই উত্তেজনা।

Advertisment

নাৰায়ণপুৰৰ দোৰপাংত সংঘটিত হৈছে এই কাণ্ড। সীমান্তৰ পৰা প্ৰায় আধা কিলোমিটাৰ ভিতৰত আহি অসমৰ ভূমিত কেবাটাও বৃহত বৃহত পুখুৰি খন্দাইছিল অৰুণাচলী লোকে।

ইতিমধ্যে ঘটনাস্থলীত বিহপুৰীয়া আৰু শিমলুগুৰি আৰক্ষী এটা বৃহত দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পুখুৰী খন্দাই থকা অৱস্থাত দুখন ফ্ৰকলেণ্ড জব্দ কৰে।

ঘটনা সন্দৰ্ভত প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। উল্লেখ্য যে বিবদমান অঞ্চলটোত অৰুণাচলীৰ আগ্ৰাসন দীৰ্ঘদিন ধৰি অব্যাহত থকাৰ পিছতো অসমৰ প্ৰশাসন মৌন হৈ থকাৰ অভিযোগ উত্থাপন অঞ্চলটোৰ ৰাইজৰ।

আৰু পঢ়ক: পিতৃৰ নামত কলংক! কামনাৰ বলি ১৫ বছৰীয়া কিশোৰী…

assam arunachal narayanpur