মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সীমান্ত পৰিদৰ্শনৰ পিছতে অৰুণাচলীয়ে আক্ৰমণ কৰিলে অসমীয়াক ! পাণবাৰী, কেচাঁকাঠনিত হিংসাত্মক পৰিস্থিতি…

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সীমান্ত পৰিদৰ্শনৰ পিছতে অৰুণাচলীয়ে আক্ৰমণ কৰিলে অসমীয়াক ! পাণবাৰী, কেচাঁকাঠনিত হিংসাত্মক পৰিস্থিতি…

author-image
asomiyapratidin
New Update
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সীমান্ত পৰিদৰ্শনৰ পিছতে অৰুণাচলীয়ে আক্ৰমণ কৰিলে অসমীয়াক ! পাণবাৰী, কেচাঁকাঠনিত হিংসাত্মক পৰিস্থিতি…

ডিজিটেল সংবাদ ধেমাজিঃ অসম চৰকাৰৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম -অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চল পৰিদৰ্শনৰ বাবে ধেমাজিলৈ আহি শনিবাৰে দুপৰীয়া অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহ চৰজমিন তদন্ত কৰি সীমান্তৱৰ্তী চিলনীবস্তীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাইজৰ মতামত লৈ নিকটৱৰ্তী তৰাজানলৈ ৰাওনা হোৱাৰ পিছতেই সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰী-কেঁচাকাঠনি নামৰ অঞ্চলত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷

Advertisment

চিলনীবস্তীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম অৰুণাচলৰ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ মতামত লৈ থকা সময়তে অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰে । প্ৰৱল বৰষুণৰ মাজতে অৰুণাচল প্ৰদেশৰ দুজন বিধায়ক আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰশাসনক লগতলৈ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী চিলনীবস্তী, তৰাজান – গেৰমেৰ আদি অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

চিলনীবস্তীৰ পৰা ৰাইজৰ মতামত লৈ মন্ত্ৰীগৰাকীয়ে তৰাজানলে যোৱাৰ পিছতেই অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ সৈতে তীব্ৰ বাক বিতণ্ডা হয় আৰু অৰুণাচলীয়ে হাতে- হাতে লাঠি, দা লৈ খেদাখেদি কৰে ৷ উত্তেজনাই চূড়ান্ত ৰূপ লৈ দুয়োটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটো আৰম্ভ হয়৷

তাৎপৰ্যপূৰ্ণ ভাবে অসম আৰক্ষীৰ উপস্থিতিতে অৰুণাচলীয়ে অসমীয়া লোকসকলক লক্ষ্য কৰি খেদি আহে। আৰক্ষী সন্মুখতে দুয়ো ফৈদৰ মাজত টনা-আঁজোৰা, হৈ-হাল্লা হোৱাৰ বাবে আৰক্ষীৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হয়।

উল্লেখ্য যে, পূৰ্বৰে পৰা জয়ৰামপুৰৰ পানবাৰীত অসম অৰুণাচলৰ সীমান্তৱৰ্তী লোকসকলৰ মাজত সংঘাত হৈ আহিছে ৷ শনিবাৰে মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতেই এই সংঘাতে চূড়ান্ত ৰূপধাৰন কৰি মাৰপিটৰ ৰূপ লয় ৷