ঘোষণা হ'ল এ.পি.এছ.চিৰ ফলাফল, শীৰ্ষ স্থানত বিজিত পাঠক...

এ.পি.এছ.চিত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বিজিত পাঠকে

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল এ.পি.এছ.চিৰ ফলাফল, শীৰ্ষ স্থানত বিজিত পাঠক...

apsc result

ডিজিটেল ডেস্ক : ঘোষণা হ'ল এ.পি.এছ.চি পৰীক্ষাৰ ফলাফল। লগতে ২০২০ বৰ্ষৰ চি.চি.ই পৰীক্ষাৰ ফলাফলো। এ.পি.এছ.চিত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বিজিত পাঠকে।

Advertisment

এ.চি.এছ পদৰ বাবে বাছনি কৰা হৈছে ১২১গৰাকী প্ৰাৰ্থীক। আনহাতে, এ.পি.এছ পদৰ বাবে বাছনি কৰা হৈছে ৬৯ গৰাকী প্রাৰ্থীক। ডি.টি.অ' পদৰ বাবে ৫গৰাকী, কৰ অধীক্ষকৰ পদৰ বাবে ৬গৰাকী প্রাৰ্থী আৰু শ্রম পৰিদৰ্শকৰ পদৰ বাবে নিৰ্বাচিত কৰা হৈছে ১৮ গৰাকী প্ৰাৰ্থীক।

ইয়াৰ উপৰিও কৰ পৰিদৰ্শকৰ পদত বাছনি কৰা হৈছে ২৭ গৰাকী প্ৰাৰ্থীক। আবকাৰী পৰিদৰ্শকৰ পদত উত্তীৰ্ণ হৈছে ৭ জন প্ৰাৰ্থী। বি.ডি.অ' পদৰ বাবে ৩৩ গৰাকী প্রাৰ্থী, সহকাৰী নিয়োগ বিষয়া পদত ৪ গৰাকী প্রাৰ্থী, উপ-পঞ্জীয়ক পদত নিৰ্বাচিত ৩১ গৰাকী প্ৰাৰ্থী আৰু উদ্যোগ বিভাগৰ সহ প্রৱন্ধক পদত নিৰ্বাচন কৰা হৈছে ১০ গৰাকী প্ৰাৰ্থী।

apsc result assam