বিশ্বৰ প্ৰগতি ভৱিষ্যত প্ৰজন্মৰ হাতত ন্যস্ত কৰিবলৈ সাজু য়ুথ-২০(ৱাই-২০)

বিশ্বৰ প্ৰগতি ভৱিষ্যত প্ৰজন্মৰ হাতত ন্যস্ত কৰিবলৈ সাজু য়ুথ-২০(ৱাই-২০)

ডিজিটেল ডেস্ক : বিশ্ব অৰ্থনীতি আৰু আৰ্থিক সংকটৰ বিষয়ে প্ৰণালীবদ্ধ আলোচনাৰ বাবে এক সুস্থ মঞ্চ তৈয়াৰ কৰিবলৈ সৃষ্টি কৰা হৈছিল জি-২০ অথবা গ্ৰুপ অৱ ২০ । ১৯৯৯ চনত আৰম্ভ হোৱা এই জি-২০ত আছিল ২০ খনকৈ সদস্য দেশৰ প্ৰতিনিধিসকল । প্ৰথমাৱস্থাত ইয়াতে আছিল কেৱল দেশ সমূহৰ বিত্তমন্ত্ৰী তথা কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰসকল । অৱশ্যে পৰৱৰ্তী সময়ত এওঁলোকৰ সৈতে জড়িত হৈ পৰে দেশৰ আন প্ৰতিনিধিসকলো ।

তাৰ সমান্তৰালকৈ এই গ্ৰুপ অৱ ২০ৰ সিদ্ধান্ত অনুসৰি বিশ্বৰ নৱ প্ৰজন্মৰ বাবে অনুষ্ঠিত কৰা হ'ল য়ুথ-২০ অথবা ৱাই-২০ । প্ৰথমবাৰৰ বাবে ভৱিষ্যত প্ৰজন্মক চামিল কৰা হ'ল বিশ্বৰ অৰ্থনীতি ব্যৱস্থাৰ সৈতে চিনাকী কৰাই দিবৰ বাবে । যি ভৱিষ্যত প্ৰজন্মই আগন্তুক এটা দশকৰ ভিতৰত দেশত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব একোজন মানৱ সম্পদৰূপে ।

২ ফেব্ৰুৱাৰীৰ পৰা বছৰজোৰা পৰিকল্পনাৰে আৰুম্ভ হোৱা জি-২০ সন্মিলনৰ প্ৰথমদিনাৰ বিষয়বস্তু হৈছে বহনক্ষম বিত্ত । ইয়াৰ সমান্তৰালকৈ দেশৰ জি-২০ সন্মিলনৰ বৈঠক অনুষ্ঠিত হ'ব লগীয়া প্ৰান্ত সমূহৰ সৈতেও গুৱাহাটীতো বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত আয়োজন কৰা হ'ল কাৰ্যসূচীৰ ।

উল্লেখ্য যে, গুৱাহাটী আই আই টিতো দেখা গ'ল য়াই-২০ৰ বৈঠক । আনহাতে, ২ ফেব্ৰুৱাৰীৰ পৰাই গুৱাহাটী আই আই টিত আৰম্ভ হৈছে শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান "আলচিৰিংগা" ।

যাৰ ফলস্বৰূপে শিক্ষাৰ্থী সকলে একে সময়তেই অনুষ্ঠানৰ মাজত স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰি মুকলি কৰিলে ক্ষুদ্ৰ বিপনী সমূহ । আনহাতে কেৱল শিক্ষাৰ্থী সকলেই নহয় বৰং নৱ উদ্যোগসমূহৰো ক্ষুদ্ৰ বিপনী সমূহ দেখা গ'ল আই আই টি গুৱাহাটীত ।

ইয়াৰেই পৰিপ্ৰেক্ষিতত ৱাই-২০ তথা জি-২০ৰ প্ৰতিনিধি সকলে এই বিপনীসমূহ পৰিদৰ্শন কৰি মত বিনিময় কৰে সকলোৰে সৈতে । বহনক্ষম প্ৰযুক্তিৰ বহু সজুলিঁৰো প্ৰদৰ্শন কৰা হয় এই ৱাই-২০ বৈঠকতেই । ভাৰত চৰকাৰৰ অৰ্থনীতি বিভাগৰ পৰামৰ্শদাতা ৰজন কুমাৰেও এই অনুষ্ঠানত অংশ লৈ ভূয়সী প্ৰশংসা কৰে শিক্ষানুষ্ঠানখনৰ প্ৰচেষ্টাক ।

আনহাতে, ৬ ফেব্ৰুৱাৰীত বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল উপস্থিত হ'বহি গুৱাহাটী আই আই টিত । গুৱাহাটীত আই আই টিত ৫ টাকৈ পেনেল পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব এই সকল প্ৰতিনিধিৰ সৈতে । ইয়াৰে ভিতৰত নগৰীকৰণ, স্বাস্থ্য, আইন-শৃংখলা প্ৰধান । তাৰেই সমান্তৰালকৈ ফিউছাৰ অৱ ন' ৱাৰ অৰ্থাৎ যুদ্ধবিহীন ভৱিষ্যতৰ ওপৰতো এক গুৰুত্বপূৰ্ণ আলোচনা হ'ব এই ৱাই-২০তেই ।

উল্লেখ্য যে, এখন উন্নয়ণশীল ৰাষ্ট্ৰত সকলোতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হয় নৱ প্ৰজন্মক । কিয়নো এওঁলোকৰ হাততেই থাকে পুৰণিক ভাঙি নতুনক আদৰাৰ শক্তি । তেনেস্থলত বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নৱ প্ৰজন্মক এনে এক গুৰুত্বপূৰ্ণ বিষয়ত সামৰি আলোচনাৰ বাবে আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়।আনহাতে, ৰাজনীতি, অৰ্থনীতি বুলিলে কেৱল কিছু সংখ্যক লোকেহে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল পূৰ্বতে ।

কিন্তু বহনক্ষম অৰ্থনীতিৰ বাবে যে দেশৰ সকলো লোকৰেই সমান অৱদানৰ প্ৰয়োজন আৰু ভৱিষ্যত প্ৰজন্মই যাতে বিগত সময়ছোৱাৰ জৰুৰীকালীন অৱস্থাৰ দৰে পৰিস্থিতি পুনৰ প্ৰত্যক্ষ কৰিবলগীয়া নহয় তাৰ বাবেও এই সন্মিলনত ভৱিষ্যত প্ৰজন্মৰ উপস্থিতি আছিল গুৰুত্বপূৰ্ণ । 

গুৱাহাটী আই আই টি তথা ৰাজ্যৰ অন্য শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান সমূহে জি-২০ তথা ৱাই-২০ ৰ বাবে প্ৰকাশ কৰা আগ্ৰহে আগন্তুক সময়ছোৱাত সমগ্ৰ দেশৰ সৈতে ৰাজ্যৰ বাবেও যে এক সুস্থ আৰু স্থাৱৰ বাতাবৰণ আনিব সেইয়া লৈ নিসন্দেহ ৰাজ্য চৰকাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in