/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/end-of-covid-era.jpg)
ডিজিটেল ডেস্কঃ এক দীৰ্ঘ সংগ্ৰামৰ অৱসান। জীৱন-মৰণৰ কোনো নিশ্চয়তা নথকাকৈ প্ৰায় ২ টা বছৰ অতিক্ৰম কৰাৰ পিছত এক স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ আখৰা আৰম্ভ হৈছে। ভাইৰাছ মুক্ত এখন পৃথিৱীৰ কল্পনাৰে সকলো শ্ৰেণীৰ লোকে পুৱাৰ পৰাই আৰম্ভ কৰিছে এক নতুন দিনৰ আৰম্ভণি।
নতুন আশা আৰু নতুন সপোনেৰে মঙ্গলবাৰে পুৱাই আৰম্ভ হৈছিল অসমৰ প্ৰতিজন নাগৰিকৰে এক স্বাভাৱিক জীৱন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই কৰা ঘোষণা আৰু স্বাস্থ্য বিভাগৰ এছ অ' পি অনুসৰি মঙ্গলবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে কোভিড-১৯ বিধিহীন জীৱন।
কোভিডৰ আগমণৰ পিছৰে পৰা অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈছিল মানুহৰ জীৱন প্ৰণালী। মাস্ক, চেনিটাইজাৰ, কণ্টেইমেণ্ট জ'ন, কোৱাৰেণ্টাই আদি শব্দবোৰ মানুহৰ মুখে মুখে চলিছিল। আনহে নালাগে সকলো সময়তে পজিটিভ হোৱাৰ ইচ্ছা প্ৰকাশ কৰা মানুহেও কোভিডৰ বাবেই নিগেটিভ হ'বলৈহে সকলো সময়তে প্ৰাৰ্থনা কৰিবলৈ লৈছিল।
বিগত দুটা বছৰত পজিটিভ শব্দটো আছিল মানুহৰ বাবে এটা ভয়ানক শব্দ।পজিটিভ মানেই কোৱাৰেণ্টাইন, পজিটিভ মানেই জীৱন-মৰণৰ অনিশ্চয়তা। কোভিড-১৯ য়ে সৃষ্টি কৰা এনে এক জটিল পৰিৱেশ, পৰিস্থিতিৰ পৰা মানুহ ক্ৰমান্বয়ে মুকলি হৈছে। উশাহ ল'বলৈ কষ্টকৰ হোৱা এক পৰিৱেশৰ পৰা মানুহে ক্ৰমান্বয়ে মুকলি উশাহ লোৱাৰ এক পৰিৱেশ লাভ কৰিবলৈ আগবাঢ়িছে।
মঙ্গলবাৰে পুৱা ৬ বজাৰ পৰা অসমত সকলো কোভিড বিধি প্ৰত্যাহাৰ কৰা হৈছে।বিদ্যালয়ৰ পৰম্পৰাগত অফলাইন পাঠদান আৰম্ভ হৈছে। দোকান-পোহাৰ সকলো খোলাৰ অনুমতি লাভ কৰিছে। প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইন। নিশা যেতিয়ালৈকে ইছ্যা তেতিয়ালৈকে ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ৰাখিব পাৰিব। সাধাৰণ নাগৰিকেও মুকলি মনৰে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ভিৰ কৰিব পাৰিব। এই বিষয়ত নাথিকিব কোনো বাধা নিষেধ।
এইদৰে স্বাভাৱিক জীৱন লাভ কৰিলেও অৱশ্যে সকলো নাগৰিকে দুটা কথাত গুৰুত্ব দিব লাগিব। প্ৰথমে সকলো নাগৰিকে মাস্ক পৰিধান কৰিব লাগিব আৰু কোভিড ভেকচিনৰ দুয়োপালি গ্ৰহণ কৰিব লাগিব। কোভিড ভেকচিনৰ দুয়োপালি গ্ৰহণ কৰাৰ পিছত যিকোনো স্থান মুকলিকৈ ভ্ৰমণ কৰিব পাৰিব সকলো নাগৰিকে।
বিমান বন্দৰ, ৰেলৱে ষ্টেচন, হাস্পাতাল আদিত বাধ্যতামূলক কোভিড পৰীক্ষা প্ৰত্যাহাৰ কৰা হৈছে। সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নাথাকে কোনো বাধা নিষেধ। মুকলি মনেৰে উপভোগ কৰিব পাৰিব বিভিন্ন অনুষ্ঠান। মন গলেই যাব পাৰিব ছবি গৃহলৈ। বিবাহকে ধৰি সকলো মাংগলিক অনুষ্ঠানতো ইচ্ছা অনুসৰিয়েই সকলোৱে কৰিব পাৰিব অংশগ্ৰহণ।