১৬ আগষ্টত যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান…

১৬ আগষ্টত যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান…

author-image
asomiyapratidin
New Update
১৬ আগষ্টত যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান…

প্ৰতিদিন ডিজিটেল সংবাদ, যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৬ আগষ্ট তাৰিখে যোৰহাটস্থিত বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হ'ব । মহাৰজত জয়ন্তী বৰ্ষত উপনীত হোৱা উচ্চ শিক্ষানুষ্ঠানখনৰ এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ লগতে মহাৰজত জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰো শুভাৰম্ভণি হ'ব ।

Advertisment

১৬ আগষ্ট তাৰিখে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে । মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰিব । ইতিমধ্যে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে মহাবিদ্যালয়খনে ।

সেই অনুসৰি বছৰজোৰা কাৰ্যসূচীত দুখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, কৃষি তথ্য প্ৰযুক্তি প্ৰদৰ্শনী আৰু মেলা, ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতা, একাংক নাট প্ৰতিযোগিতা, টেবুল টেনিচ প্ৰতিযোগিতা, ভলীবল প্ৰতিযোগিতা, মহাবিদ্যালয়ৰ ফটো গেলেৰী, মহাৰজত জয়ন্তী স্মাৰক ভৱন নিৰ্মান, খ্যাতিসম্পন্ন ব্যক্তিৰ বিভিন্ন বক্তৃতা অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহো অনুষ্ঠিত হ'ব । কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে এই বিষয়ে জানিবলৈ দিয়ে ।

আৰু পঢ়ক : বকো আৰক্ষী থানাৰ উদ্যোগত বিশাল বাইক ৰেলী…

assam jorhat ranjan gogoi assam agricultural university