/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/23d4eea0-6391-409b-843a-9d4d0819fd97.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ নেচনেল এগ্ৰিকালচাৰেল হায়াৰ ইড্যুকেশ্যন প্ৰজেক্ট(নাহেপ)ৰ জৰিয়তে স্নাতক পৰ্যায়ৰ ২০ জনীয়া আৰু ১০ জনীয়া দুটা দলে সফলতাৰে বিদেশ ভ্ৰমণ সম্পন্ন কৰিছে। তেওঁলোকে ক্ৰমে ছুইজাৰলেণ্ডৰ world food science centre আৰু ফিলিপাইনছৰ International training centre for pig husbandary ত প্ৰায় ২০ দিনীয়া প্ৰশিক্ষণ লৈ উভতি আহিছে। উল্লেখ্য যে, ভাৰতৰ কৃষি শিক্ষাৰ ক্ষেত্ৰত আমোল পৰিবৰ্তন আনিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিশ্ববেংক আৰু ভাৰত চৰকাৰৰ সহযোগত দেশৰ কেবাখনো কৃষি বিশ্ববিদ্যালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়তো 'নাহেপ' নামৰ প্ৰকল্পটি আৰম্ভ কৰে।
এই প্ৰকল্পৰ যোগেদি কৃষি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশ আৰু শিক্ষকসকলৰ উচ্ছপৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেইসূত্ৰে যোৱা ১৪ জুন তাৰিখে উপাচাৰ্য্য ড° কমল মল্ল বুজৰবৰুৱাই এই যাত্ৰাৰ শুভাৰম্ভণি কৰে। এই ভ্ৰমণকালতে ছাত্ৰ-ছাত্ৰীসকলে কৃষকৰ পথাৰ পৰ্য্যবেক্ষণ কৰাৰ লগতে কিদৰে জৈবিক কৃষিৰ লগত জড়িত হ'ব পাৰি সেইবিষয়ে সুক্ষ্মভাবে ব্যৱহাৰিক প্ৰশিক্ষণ লয়।
ইয়াৰোপৰি গাহৰি পালন আৰু প্ৰক্ৰিয়াকৰণৰ বিষয়টো শিক্ষাৰ্থীসকলে বিষদভাবে উন্নতমানৰ প্ৰশিক্ষণ লাভ কৰি উপকৃত হয়। 'নাহেপ'ৰ সমন্বয়ক অধ্যাপক ড° কিশোৰ কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে এই বৰ্ষতে বিশ্ববিদ্যালয়ৰ আৰু অন্য দুটি দল ক্ৰমে বেংককৰ Asian Institute of technology আৰু আমেৰিকাৰ IOWA state University আৰু ১৫ গৰাকী অধ্যাপক বিশ্বৰ বিভিন্ন প্ৰান্তৰ উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত প্ৰশিক্ষণৰ বাবে ৰাওনা হ'ব।