সন্ত্ৰাসবাদৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰতিবাদ

কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় কাণ্ডত নিহত সকলৰ লগতে ছহীদ হোৱা বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে বৃহস্পতিবাৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, যোৰহাট : কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় কাণ্ডত নিহত সকলৰ লগতে ছহীদ হোৱা বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে বৃহস্পতিবাৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত বিশ্ববিদ্যালয় পৰিয়ালে এখন শোকসভা অনুষ্ঠিত কৰি এই কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কামনা কৰে।  

Advertisment

সন্ধিয়া বিশ্ববিদ্যালয়ৰ যোৰহাটৰ চৌহদৰ মুল প্ৰৱেশদ্বাৰৰ সন্মুখত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই পেহেলগামত হোৱা নাৰকীয় কাণ্ডৰ তীব্ৰ নিন্দা কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো ওলাই আহি ঐক্যবদ্ধভাবে যুঁজ দিব লাগিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল,মুৰব্বী অধ্যাপক আৰু গৱেষক সকলেও অংশগ্ৰহণ কৰে।

জন্মু কাশ্মীৰ অসম কৃষি বিশ্ববিদ্যালয় কাশ্মীৰ পেহেলগাম